/asomiyapratidin/media/media_files/2025/09/11/dsdsdesdsdsds-2025-09-11-20-58-49.jpg)
ডিজিটেল সংবাদ, বজালীঃ বজালী জিলাৰ নিত্যানন্দৰ বিশিষ্ট সমাজকৰ্মী তথা কবি ফুলেন পাঠকৰ বুধবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ ৮২ বছৰ বয়সত দেহাৱসান ঘটে৷ বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ থকা পাঠকৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৰঙিয়াৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও নিশাৰ ভাগত চিকিৎসাধীন অৱস্থাতে তেখেতৰ বিয়োগ ঘটে৷
এগৰাকী সু কবি হিচাপে পৰিচিত পাঠকে বকুল, বজালীৰ ৰূপ ৰস আৰু পলাশৰ পাতত ৰং শীৰ্ষক তিনিখন কবিতা পুথি ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ জগতলৈ বিশেষ অৱদান আগবঢ়াইছিল। বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে এখন আত্মজীৱনী লিখি আছিল যদিও তেওঁৰ মৃত্যুত সেই আত্মজীৱনীখন আধৰুৱা হৈ ৰ'ল ৷
প্ৰয়াত পাঠকে নিত্যানন্দ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক, আঞ্চলিক উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি, বজালী সাহিত্য কলা পৰিষদৰ প্ৰাক্তন সভাপতি, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, জয়ন্ত হাজৰিকা সংঘৰ প্ৰাক্তন সভাপতি, গোপালদেৱ সেৱা সংঘৰ প্ৰাক্তন সভাপতি, শংকৰদেৱ শিশু নিকেতন, নিত্যানন্দৰ উপদেষ্টা, নিত্যানন্দ লক্ষ্মীপূজাৰ প্ৰাক্তন সভাপতি, নৱাৰুণ সংঘ, মাজিউপাৰাৰ প্ৰাক্তন সভাপতি আদিৰ দায়িত্ব নিয়াৰিকৈ সম্পন্ন কৰাৰ লগতে বজালীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মৃত্যু পৰ্যন্ত ওতঃপ্ৰোতভাবে জড়িত আছিল৷
পত্নী, এগৰাকী পুত্ৰ- বোৱাৰী, নাতিনীসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যোৱা পাঠকৰ মৃত্যুত সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনীৰ সভাপতি সোণেশ্বৰ কলিতা, নিত্যানন্দ আঞ্চলিক উন্নয়ন সমিতিৰ মনোজ চৌধুৰী, জয়ন্ত হাজৰিকা সংঘৰ দিলীপ শৰ্মা, অগপৰ তিলক চন্দ্ৰ মেধিৰ লগতে নিৰণ দাস, সমুদ্ৰ মেধী, দিলীপ দাস, হেমন্ত ভড়ালী, ফণীধৰ দাস,দিলীপ শৰ্মা,গোপেন মজুমদাৰ,জীৱ ভূঞা আদিৰ লগতে বিভিন্ন ব্যক্তিয়ে তেওঁৰ মৃত্যু নিত্যানন্দ অঞ্চলৰ লগতে বজালী অঞ্চলৰ এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
ইফালে বৃহস্পতিবাৰে দিনৰ ভাগত শ্রীশ্ৰী গোপালদেৱ সেৱক সমাজ, বজালী, জয়ন্ত হাজৰিকা সোঁৱৰণী সংঘ, নিত্যানন্দ আঞ্চলিক উন্নয়ন সমিতি, বজালী-সাহিত্য কলা পৰিষদ, নিত্যানন্দৰ সার্ব্বজনীন শ্রীশ্রীলক্ষ্মীপূজা পৰিচালনা সমিতি, নিত্যানন্দ আঞ্চলিক ৰঙালী বিহু সমিতি, বজালী কৃষ্টি সংঘ, মধ্য বজালী সেৱক সংঘ, নিত্যানন্দ লক্ষ্মী মন্দিৰ সমিতি, বজালী শ্ৰীশ্ৰীশংকৰদেৱ সংঘ, বজালী জিলা- অনুসূচীত জাতি পৰিষদ, পূৱ-মাজিউপাৰা গঞা ৰাইজ, শ্রীশ্রীগোপালদেৱ সত্র, কালজিৰাপাৰা, উত্তৰ পূৱ বজালী মৃৎ শিল্প, বিছানকুছি, পাঠশালা প্রেছ ক্লাৱ, বজালী জিলা যুৱ সাংবাদিক সন্থা, শংকৰদেৱ শিশু নিকেতন, নিত্যানন্দ, কলিতা জনগোষ্ঠী সন্মিলন-অসম, অগপৰ নিত্যানন্দ সমিতিকে ধৰি বজালীৰ কেবাটাও অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকল শেষকৃত্যত উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী গৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷