/asomiyapratidin/media/media_files/2025/08/10/1-2025-08-10-23-18-25.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ গুৱাহাটীৰ ৰাগিনী কাশ্যপ 'ক' শাখাৰ শ্ৰেষ্ঠ আবৃত্তিকাৰ আৰু জুচিপর্ণা ডেকা 'খ' শাখাৰ শ্ৰেষ্ঠ
আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাৰ 'ক' শাখাত পাঠশালাৰ হিয়া কলিতা আৰু 'খ' শাখাত যোৰহাটৰ প্ৰাঞ্জলজ্যোতি ভূঞা শ্রেষ্ঠ তার্কিক হিচাপে অসম সাহিত্য সভাৰ উদ্যোগত সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত আজি আয়োজিত সদৌ অসম ভিত্তিত স্বনির্বাচিত কবিতা আবৃত্তি আৰু তর্ক প্রতিযোগিতাত নির্বাচিত হয়।
পুৱা ১০ বজাৰ পৰা অংকুৰ শ্ৰেণীৰ পৰা সপ্তম শ্রেণীলৈ 'ক' শাখা আৰু অষ্টম শ্ৰেণীৰ পৰা 'খ' শাখা হিচাপে নির্ধাৰণ কৰি দিয়া কবিতা আবৃত্তি প্রতিযোগিতাখনিত অসমীয়া, হিন্দী, ইংৰাজী ভাষাৰ যিকোনো এটি কবিতা নিৰ্বাচন কৰি প্ৰতিযোগীসকলে কবিতা আবৃত্তি কৰে। আকাশবাণী গুৱাহাটী জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামী, আবৃত্তিকাৰ, নাট পৰিচালক অনুপজ্যোতি চৌধুৰী আৰু নাট্যকাৰ, পৰিচালক, আবৃত্তিকাৰ নৱ কুমাৰ ডেকা কবিতা আবৃত্তি প্রতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত থাকে।
ইফালে বিয়লি ৩ বজাৰ পৰা তৰ্ক প্রতিযোগিতাখনি কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° সঞ্জীৱ কুমাৰ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। অংকুৰ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ 'ক' শাখা আৰু অষ্টম শ্ৰেণীৰ পৰা 'খ' শাখা হিচাপে অনুষ্ঠিত তর্ক প্রতিযোগিতাৰ বিষয় আছিল ক্রমে- 'ক' শাখাৰ বাবে "তৰোৱালতকৈ কলম শ্রেষ্ঠ” আৰু 'খ' শাখাৰ বাবে "নৱপ্ৰজন্মৰ মাজত অসম সাহিত্য সভাৰ প্রাসংগিকতা অপৰিসীম"।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ড° বিদুলা শর্মা, অসম জাতীয় বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী অর্পণা দেবী আৰু এগৰাকী সুতার্কিক বিশ্বজিত কাকতি বিচাৰক হিচাপে উপস্থিত থকা তর্ক প্রতিযোগিতাত অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
অসম সাহিত্য সভাৰ কুঁহি, ৰামধেনু, তথ্য প্রযুক্তি আৰু আবৃত্তি কলা আৰু হাস্য ব্যংগ উপসমিতিৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটিত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্রতিযোগীক অসম সাহিত্য সভাৰ তৰফৰ পৰা এখনি অংশগ্রহণ প্রমাণ পত্র প্রদান কৰে। অনুষ্ঠানৰ শেষত প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। কবিতা আবৃত্তিৰ 'ক' শাখাত দ্বিতীয় স্থান শিৱসাগৰৰ ময়ূৰকৃষ্ণা গগৈ আৰু তৃতীয় স্থান গুৱাহাটীৰ পূর্বাংশী দাসে লাভ কৰিছে।
'খ' শাখাত দ্বিতীয় স্থান কামৰূপৰ অন্বেষা বুজৰবৰুৱা আৰু তৃতীয় স্থান গুৱাহাটীৰ জোনালী ডেকা বৰুৱাই লাভ কৰিছে। তর্ক প্রতিযোগিতাৰ 'ক' শাখাত দ্বিতীয় স্থান গুৱাহাটীৰ ৰাগিনী কাশ্যপ আৰু তৃতীয় স্থান গুৱাহাটীৰ কাব্যম ডেকাই লাভ কৰিছে। 'খ' শাখাত দ্বিতীয় স্থান মঙলদৈৰ প্ৰাঞ্জল প্রতিম ডেকা আৰু তৃতীয় স্থান কটন মহাবিদ্যালয়ৰ ছাত্রী অলিম্পি শ্রেয়ম গগৈ, শুৱালকুছিৰ মিন্টু ডেকাই যুটীয়াভাবে লাভ কৰিছে। সমূহ প্রতিযোগীকে নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু মান পত্ৰৰে পুৰস্কৃত কৰা হয়।