তই ক’ত আছ বোপাই…!
তোলৈ আৰু কিমান আশাৰে
পদূলি মূৰত হাতত টিপচাকি লৈ
সন্ধিয়া বাট চাম তই আহিবি আহিবি বুলি ৷
নোৱাৰিছো আৰু ভাগৰি পৰিছোঁ৷
তোলৈ বুলি বাট চাই চাই…!
তোলৈ বুলি বঢ়া ভাত পুৱা
দেউতাৰৰ মৰমৰ কালুটোয়ে খায়৷
তই আহিবি বুলি পদূলি মূখলৈ যাওঁতে যাওঁতে
ঠন ধৰি উঠা চোতালৰ দুৱৰি বন মৰহি গৈছে৷
কিন্ত,তই আহিয়ে নাপালিহি…!
আজি টিপচাকিটো তেল শেষ হ’ল
আৰু মোৰ দেহৰো এলাহ হ’ল৷
তই আহিবি বুলি আৰু আজি-কালি
পদূলি মূৰত আৰু ৰৈ বাট চাই নাথাকোঁ৷
মাত্ৰ কেইদিনমানৰ পাছত পুনৰ মৰহি যোৱা
চোতালৰ দুৱৰি বনে ঠন ধৰি উঠিব৷
গাওঁৰ মানুহবোৰে নিশা ন দহ বজালৈকে
মিনতি ঘৰৰ পদূলি মূৰত আৰু কেতিয়াও
টিপচাকি পোহৰ নেদেখিব…!
আপোন ঘৰখনৰ চৌপাশে আন্ধাৰে আৱৰি ধৰিব৷
বাটৰ মানুহবোৰে ভয় কৰিব ভূতৰ বাংলা বুলি৷
শত্ৰুয়ে হাঁহিব আৰু মিত্ৰয়ে কান্দিব৷
মই আছো বাবে আছে মোৰ আপোন ঘৰখন৷
তই ক’ত আছ বোপাই…!
তোক মই অনুৰোধ কৰিছোঁ৷
তই মোক একো দিব নালাগে
মাথোঁ এবাৰ মোৰ কাষলৈ আহ্৷
তই মোক নাচাবি লাগিলে ৰুমালেৰে ঢাকি আহিবি
তোৰ সেই পকা আপেলৰ দৰে মূখখনি৷
তই মোক মা বুলিও নালাগে মাতিব৷
মাথোঁ এবাৰ আহ্ মোৰ কাষলৈ৷
বেলিটি ডুবাৰ আগতে তোৰ সেয় কোমল হাতখনি
শেষ বাৰৰ বাবে স্পৰ্শ কৰি যাওঁ৷
আকৌ কেতিয়া আহিম বা ঘূৰি৷