POCSO আইন লিঙ্গ নিৰপেক্ষ, মহিলাও হ’ব পাৰে অভিযুক্তঃ কৰ্ণাটক উচ্চ ন্যায়ালয়

প’ক্স’ আইন (POCSO Act) লিঙ্গ নিৰপেক্ষ আৰু ইয়াৰ অধীনত মহিলাও অভিযুক্ত হব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰিছে এই গুৰুত্বপূর্ণ মন্তব্য। 

author-image
Asomiya Pratidin
New Update
cxcxc

ডিজিটেল ডেস্কঃ প’ক্স’ আইন (POCSO Act) লিঙ্গ নিৰপেক্ষ আৰু ইয়াৰ অধীনত মহিলাও অভিযুক্ত হব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰিছে এই গুৰুত্বপূর্ণ মন্তব্য। 

আদালতে স্পষ্টভাৱে উল্লেখ কৰে যে, Protection of Children from Sexual Offences Act, 2012 (POCSO Act) কেৱল পুৰুষৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি বুলি কোনো ধাৰাত উল্লেখ নাই। এই আইনে যিকোনো নাবালক বা নাবালিকাৰ ওপৰত হোৱা যৌন অপৰাধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে। যাৰবাবে কোনো মহিলা যদি এই ধৰণৰ গুৰুতৰ অপৰাধত জড়িত বুলি প্ৰমাণিত হয়, তেনে তেওঁকো এই আইনৰ অধীনত অভিযুক্ত কৰি শাস্তি দিয়া যাব পাৰে। ন্যায়ালয়ে এই প্ৰসংগত লগতে উল্লেখ কৰে যে “আইন লিঙ্গ নিৰপেক্ষ। ইয়াত পুৰুষ-মহিলা কাকো বিশেষ সুবিধা দিয়া হোৱা নহয়। 

উল্লেখযোগ্য যে, কৰ্ণাটকত এজন ১৩ বছৰীয়া নাবালকে এগৰাকী ৫২ বছৰীয়া মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ ভিত্তিত মহিলাগৰাকীৰ বিৰুদ্ধে প’ক্স’ আইনৰ অধীনত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীয়ে জামিনৰ বাবে আদালতত আবেদন দাখিল কৰে।

ন্যায়ালয়ত মহিলাগৰাকীৰ পক্ষৰ অধিবক্তাই যুক্তি দিছিল যে, প’ক্স’ আইনৰ লক্ষ্য মূলতঃ পুৰুষৰ পৰা নাবালক বা নাবালিকাক সুৰক্ষা দিয়া। সেয়ে মহিলাৰ বিৰুদ্ধে ইয়াৰ প্ৰযোজ্য কৰা অনুচিত। কিন্তু উচ্চ ন্যায়ালয়ে সেই যুক্তি সজোৰে নাকচ কৰি উল্লেখ কৰে যে এই ধৰণৰ ধাৰণা আইনসন্মত নহয়। 

POCSO Act 2012 Pocso