/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/e7c5a944-9a9c-4b2f-a46c-6d97ab1d6efc.jpg)
ডিজিটেল সংবাদ, মায়ং– পবিতৰা অভয়াৰণ্য ৰ তহলদাৰী দল এটাই যোৱা নিশা পবিতৰাৰ নিকটৱৰ্তী বৰদিয়া এলেকাত বাৰিষাৰ পানীত বেং ধৰি থকা অৱস্থাত দুজন লোক ক আটক কৰে।ধৃত লোক দুজনৰ নাম যাত্ৰা মোহন মণ্ডল আৰু শ্ৰী নিবাস মণ্ডল ।মায়ং থানা ৰ অন্তৰ্গত বুৰগাঁও পঞ্চায়ত ৰ কাউৰহাগী গাঁৱত ঘৰ দুয়ো জনৰে।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি ধৃত লোক দুজনে পানীত জঁপিয়াই ফুৰা বেং চিকাৰ কৰি দুগৰাকী মহিলাৰ সহযোগত ব্যৱসায় চলাই আহিছিল।ডিমাপুৰ লৈ সৰবৰাহ কৰে এই বেং বোৰ।আজি দুয়ো জনকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us