পবা সংৰক্ষিত বনাঞ্চলৰ বাবে কোনে প্ৰতিবাদ কৰিব?

পবা সংৰক্ষিত বনাঞ্চলৰ বাবে কোনে প্ৰতিবাদ কৰিব?

author-image
Asomiya Pratidin
New Update
পবা সংৰক্ষিত বনাঞ্চলৰ বাবে কোনে প্ৰতিবাদ কৰিব?

ডিজিটেল সংবাদ, জোনাইঃ উৰণ সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ পাৰৰ গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীত অজস্ৰ নাগৰিক ওলাই আহিল ৰাজপথলৈ। সেয়া নিশ্চিতভাৱে ভাল খবৰ। কিন্তু অসমৰে‌ সীমান্তৱৰ্তী জোনাই সমজিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল তথা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত‌ ফ'ৰলেন নিৰ্মাণৰ নামত শ শ মূল্যৱান গছ-গছনি কাটি চলি থকা বন ধ্বংসযজ্ঞৰ পিছতো নীৰৱ স্থানীয় তথা অসমৰ নাগৰিক, বুদ্ধিজীৱী, প্ৰকৃতিপ্ৰেমী দল-সংগঠন।

উল্লেখযোগ্য যে ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ'ৰলেনলৈ সম্প্ৰসাৰণৰ নামত একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ-গছনি কাটি এফালৰ পৰা চলাই নিয়া বন ধ্বংসযজ্ঞৰ হৃদয় বিদাৰক, মাৰ্মান্তিক দৃশ্য এতিয়া সুলভ। ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা কুলাজানৰ পৰা অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অয়ানলৈ ফ'ৰলেন নিৰ্মাণৰ নামত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড মূল্যৱান গছ কাটি পেলোৱা হৈছে।

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথখন পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰে পাৰ হৈছে। ফ'ৰলেন নিৰ্মাণৰ নামত এই তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত প্ৰায় এশ ফুট পৰ্যন্ত পবা সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰলৈ গছ কটা চলিছে। এনেদৰে ফ'ৰলেন নিৰ্মাণৰ নাম শ শ মূল্যৱান গছ-গছনি কটাৰ‌ ফলত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ এলেকাত ধ্বংস হোৱাটো নিশ্চিত হৈ‌ পৰিছে। পবা সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাৰ বাচি থকা একমাত্ৰ বনভূমি।

বৰ্ষাৰণ্য পবা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল‌। হাজৰ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন জোনাই অঞ্চলত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লগতে চিয়াং-ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা জোনাই অঞ্চলক যুগ যুগ ধৰি সুৰক্ষা দি আহিছে।‌ জোনাই অঞ্চলৰ আয়ুৰেখা স্বৰূপ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত ফ'ৰলেন নিৰ্মাণৰ নামত অবাধে গছ কটা কাৰ্যক আমি মানি ল'ব‌পৰা‌ নাই। বিধানসভাৰ বিগত শৰৎকালীন অধিৱেশনত অসম চৰকাৰে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ যাৱতীয় কাম-কাজৰ আৰম্ভ কৰা বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ঘোষণা কৰিছিল।

বিধানসভাৰ শীতকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ আস্থা প্ৰদান কৰিছিল। তদুপৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম‌ত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক অসমৰ‌ ১৮ সংখ্যক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ৰাইজে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাৰ প্ৰথমখন অভয়াৰণ্য হ'ব বুলি আশা কৰাৰ সময়তে ফ'ৰলেন নিৰ্মাণৰ নামত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত যধে মধে এফালৰ পৰা মূল্যৱান গছ কাটি পেলোৱাক কোনোপধ্যেই সহজভাৱে ল'ব পৰা নাই।

উল্লেখযোগ্য যে পৰিৱেশৰ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্টে' পূৰ্বৰ পৰাই বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ গছ নকটাকৈ ফ'ৰলেন সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাই আহিছে। জোনাইৰ মুৰ্কংচেলেক ৰে'ল ষ্টেচনৰ পৰা পাছিঘাট লৈ ৰে'ল পথ সম্প্ৰসাৰণ কৰা পথৰ কাষৰে পবা সংৰক্ষিত বনাঞ্চলৰ গছ গছনি নকটাকৈ ৫১৫ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাই আহিছে। কিন্তু চৰকাৰে এই বিষয়ে কোনো গুৰুত্ব নিদি পথ নিৰ্মাণৰ নাম বন ধ্বংস চোকা সমালোচনাৰ যোগ্য ।পৰিৱেশ সংগঠন ছেভ পবা ৰেইন ফৰেষ্ট‌ আৰু নেচাৰ্চ বেকনৰ জোনাই শাখাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত গছ‌ কটা শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে। এতিয়াও আমি মুখ্য মন্ত্ৰী সহাঁৰিৰ আশাত।

পবা সংৰক্ষিত বনাঞ্চল