/asomiyapratidin/media/media_files/2024/11/22/ggZSILE31enZaBoreeIy.jpg)
ডিজিটেল সংবাদ,হাজোঃ পুনৰ এক নিৰ্বাচনক লৈ সাজু হৈছে কামৰূপ জিলা আৰু হাজো ৰাজহ প্ৰশাসন। ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব পোৱামক্কা দৰগাহ শ্বৰীফৰ নিৰ্বাচন। সেই উদ্দেশ্যে সাজু হৈছে হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়।
উল্লেখ্যযোগ্য যে, এজন খাদিম আৰু ১০জন কৈ সদস্যৰ বাবে অনুষ্ঠিত হ'ব পোৱামক্কাৰ নিৰ্বাচন। ২৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৩২৭২০ গৰাকী। ইফালে ৯ ডিচেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জনাই হাজো ৰাজহ চক্ৰ বিষয়া আফ্ৰিন হুছেইনে।