/asomiyapratidin/media/media_files/2025/12/21/jkdhksdhsj-2025-12-21-18-48-50.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পাছতেই ব্যাপক তৎপৰ পৰিছে কাৰ্বি আংলঙৰ বিজেপি। আগন্তুক ২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিগত কিছুদিনৰ পৰা পাহাৰীয়া জিলাখনত পুৰ্থীমি আকেমাং অৰ্থাৎ বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ভূমি পট্টা প্ৰদান, আঁচনি উদ্বোধন আৰু আধাৰশিলাৰ ৰাজনীতিৰে কাৰ্বি আংলঙবাসীৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। লগতে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত বিশাল বিশাল সভা আয়োজনেৰে কংগ্ৰেছৰ নেতা-কৰ্মীক বিজেপিত যোগদান কৰোৱাই কংগ্ৰেছ দলক ভীতিগ্ৰস্ত কৰাও পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ বিজেপিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2-2025-12-21-18-49-38.jpeg)
ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ২০২২-২৩ বিত্তীয় বৰ্ষৰ RIDF আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা খেৰণি-জেৰিকীণ্ডিঙ সংযোগী পথৰ শুভ উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনি, RIDF আঁচনি, মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত মুঠ ৭ টাকৈ পকী পথ নিৰ্মাণ আৰু অসম মালা আঁচনিৰ অধীনত মক্ৰু-তাপাত সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-18-49-55.jpeg)
সমান্তৰালকৈ ফাংলাংছ'ত পুৰ্থীমি আকেমাং অৰ্থাৎ বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ৩২০০ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰাৰ লগতে লামাৰাঙত বিশাল সভা আয়োজনেৰে অঞ্চলিক দল APHLC আৰু কংগ্ৰেছ দলৰ ২৫১০ গৰাকী নেতা-কৰ্মী আৰু সমৰ্থকক বিজেপিত যোগদান কৰোৱাই শেহতীয়াকৈ বিজেপিৰ শক্তি প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয় কাৰ্বি আংলং বিজেপিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us