প্ৰধানমন্ত্ৰী মোডীৰ নতুন ঠিকনা হ'ব সেৱা তীৰ্থ…

প্ৰায় ১,১৮৯ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কমপ্লেক্সটোত বৈদেশিক ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে বৈঠকৰ বাবে 'ইণ্ডিয়া হাউচ', অত্যাধুনিক কনফাৰেন্স হল আৰু মুক্ত কৰ্মসংস্কৃতিৰ ব্যৱস্থা কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত চলিত মাহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ৰাইছিনা হিলছৰ ছাউথ ব্লকৰ পৰা সেৱা তীৰ্থলৈ কৰিব স্থানান্তৰ ৷ মকৰ সংক্ৰান্তিৰ শুভ ক্ষণতে এই স্থানান্তৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যাৰ বাবে চলি আছে ব্যাপক প্ৰস্তুতি ।

উল্লেখ্য যে, প্ৰায় ১,১৮৯ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কমপ্লেক্সটোত বৈদেশিক ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে বৈঠকৰ বাবে 'ইণ্ডিয়া হাউচ', অত্যাধুনিক কনফাৰেন্স হল আৰু মুক্ত কৰ্মসংস্কৃতিৰ ব্যৱস্থা কৰা হৈছে। লগতে  ২,২৬,২০৩ বৰ্গফুট এলেকাজুৰি বিস্তৃত । ইয়াৰ তিনিটা হাই-টেক বিল্ডিং আছে যাৰ নাম আছে হৈছে টিৰ্থ ১, সেৱা টিৰ্থ ২ আৰু সেৱা টিৰ্থ ৩। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সেৱা তীৰ্থ ১ত থাকিব।

WhatsApp Image 2026-01-16 at 12.23.50 PM

১৯৩১ চনত ব্ৰিটিছ স্থপতিবিদ হাৰ্বাৰ্ট বেকাৰে নিৰ্মাণ কৰা নৰ্থ আৰু চাউথ ব্লক আছিল ভাৰতীয় প্ৰশাসনৰ মূল কেন্দ্ৰ। চৰকাৰৰ মতে, এই স্থানান্তৰ উপনিৱেশিক দাসত্বৰ মানসিকতা ত্যাগ কৰি এক নতুন ভাৰত গঢ়াৰ সংকল্প। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় খালী হোৱাৰ পাছত পুৰণি নৰ্থ আৰু চাউথ ব্লকক 'যুগে যুগীন ভাৰত সংগ্ৰহালয়' নামৰ এক বিশাল ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হ'ব।

WhatsApp Image 2026-01-16 at 12.24.07 PM

অৱশ্যে চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ স্থানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়কে ধৰি ১২ টা মন্ত্ৰালয়ক এতিয়াও কাৰ্যালয়ৰ স্থান দিয়া হোৱা নাই ।বৰ্তমান চেণ্ট্ৰেল ভিষ্টাত আছে ৩৯ টা মন্ত্ৰালয় ৷ আনহাতে ভিষ্টাৰ বাহিৰত প্ৰায় ১২ টা মন্ত্ৰালয়ৰ কাৰ্যালয় আছে । সমন্বয়, সহযোগ আৰু সংযোগ উন্নত কৰিবলৈ ৫১ টা মন্ত্ৰালয়ক একেটা স্থানতে ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে। ইপিনে এই প্ৰকল্পৰ লক্ষ্য হৈছে ৰাষ্ট্ৰপতি ভৱন আৰু ইণ্ডিয়া গেটৰ মাজৰ তিনি কিলোমিটাৰ দৈৰ্ঘৰ কজৱে’টো নতুনকৈ সজাই পৰাই তোলা আৰু নৰ্থ ব্লক আৰু ছাউথ ব্লকক ৰাজহুৱা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা।

WhatsApp Image 2026-01-16 at 12.24.15 PM

নৰেন্দ্ৰ মোডী