বিশ্বনাথ জিলাত ১৩,৫৯৬ গৰাকী হিতাধিকাৰীক পিএমএৱাইৰ অনুমোদন পত্ৰ প্ৰদান

বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৩,৫৯৬ গৰাকী হিতাধিকাৰীলৈ আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
jjhfihdsdsjdsdsod

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৩,৫৯৬ গৰাকী হিতাধিকাৰীলৈ আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ বিধানসভা সমষ্টিৰ কমলাকান্ত নাট্য সমাজত অনুষ্ঠিত হোৱা এক বিশেষ সভাত বিশ্বনাথ বিধানসভা সমষ্টিৰ মুঠ ৫২৪৩ গৰাকী হিতাধিকাৰীক এই অনুমোদন পত্ৰ আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। 

কমলাকান্ত নাট্য সমাজত অনুষ্ঠিত সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুঠ ১৩ গৰাকী হিতাধিকাৰীক এই গৃহ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰি প্ৰক্ৰিয়াটোৰ শুভাৰম্ভ কৰে। বিশ্বনাথৰ এই অনুষ্ঠানত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, বিশ্বনাথ জিলা পৰিষদৰ উপ সভানেত্ৰী পবিতা নাৰ্জাৰী গয়াৰী, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লিজা তালুকদাৰ, সমাজকৰ্মী অসীম দাস, বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ সভাপতি কন্দৰ্প হাজৰিকা, সাকোমঠা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বন্তি দেৱী ভূঞা, জিলা পৰিষদৰ সদস্যসকল ক্ৰমে প্ৰাণোদীপ্ত ৰাজখোৱা, গণেশ বাচোৱাৰ, দিপালী দেৱী, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্য সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল। 

WhatsApp Image 2025-12-09 at 5.28.52 PM (1)

বিহালী সম-জিলাৰ বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে আৰু বিহালী বিধানসভা সমষ্টিৰ ৫৭১৪ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। বিহালী বিধানসভা সমষ্টিৰ এই অনুষ্ঠানত বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী সুনীতা তাঁতী, সম-জিলা আয়ুক্ত প্ৰভাত পেগু, সহকাৰী আয়ুক্ত সকল, বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিনকান্তি দাস, বাঘমৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দীপা চেত্ৰী, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত আছিল। 

WhatsApp Image 2025-12-09 at 5.28.52 PM

সেইদৰে গহপুৰৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা সভাখনিত গহপুৰৰ বিধায়ক উৎপল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু গহপুৰ বিধানসভা সমষ্টিৰ ২৬৩৯ গৰাকী  হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত গহপুৰ সম-জিলা আয়ুক্ত আদিত্য প্ৰতাপ সিং, গহপুৰ পৌৰ সভাৰ সভাপতি অতুল বৰা, ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ললিতা গয়াৰী, পূৱ ছয়দুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰশান্ত বৰা, খণ্ড উন্নয়ন বিষয়াসকল, জিলা পৰিষদৰ সদস্যসকল ক্ৰমে নিৰন হাজৰিকা দিপালী দেৱী, লক্ষ্যনাথ মিলি, নিতুল হাজৰিকা প্ৰমুখ্যে সন্মানীয় ব্যক্তিসকল উপস্থিত আছিল।

বিহালী