ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীলৈ আগবঢ়োৱা এক অভিলাষী আঁচনি হৈছে পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। এই যোজনাৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতিমাহে ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ’ব।
২৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই অভিলাষী আঁচনিৰ অনুমোদন জনাইছিল । ইয়াৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০২১ কোটি টকা।
ভাৰতৰ ১ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই আঁচনিখনৰ বাবে প্ৰায় ১.৪৫ কোটি পঞ্জীয়ন হৈছে। লগতে ৬.৩৪ লাখ সংস্থাপন ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি মঙলবাৰে সংসদত অৱগত কৰে।
৭৫,০২১ কোটি টকা ব্যয় সাপেক্ষে ২৭ বিত্তীয় বৰ্ষৰ ভিতৰত আৱাসিক খণ্ডত ১ কোটি চাদত সৌৰ শক্তি স্থাপনৰ লক্ষ্য হাতত লৈছে পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাই। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকে ৰাজ্যসভাত প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় পৰ্টেলত মুঠ ১.৪৫ কোটি পঞ্জীয়ন, ২৬.৩৮ লাখ আবেদন আৰু ৬.৩৪ লাখ চাদত সৌৰ শক্তি স্থাপনৰ তথ্য পোৱা গৈছে।
৩.৬৬ লাখ আবেদনকাৰীক ইতিমধ্যে এই ৰাজসাহাৰ্য্য প্ৰদান কৰা হৈছে আৰু ১৫-২১ দিনৰ ভিতৰত নিয়মিতভাৱে মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। চৰকাৰী তথ্য অনুসৰি এই আঁচনিৰ অধীনত গুজৰাটত ২,৮৬,৫৪৫ টা অৰ্থাৎ সৰ্বাধিক সৌৰশক্তি স্থাপন হৈছে। লগতে মহাৰাষ্ট্ৰত ১,২৬,৩৪৪ টা আৰু উত্তৰ প্ৰদেশত ৫৩,৪২৩ টা সৌৰশক্তি স্থাপন হৈছে।
নাইকে লগতে কয় যে, আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত যিকোনো প্ৰত্যাহ্বান সমাধানৰ বাবে মন্ত্ৰালয়ে জড়িত সকলো অংশীদাৰ যেনে আৰ ই চি, ডিছকম আৰু বিক্ৰেতাৰ সৈতে আলোচনা কৰা হৈছে।