/asomiyapratidin/media/media_files/2025/08/15/jj-2025-08-15-10-29-44.jpg)
ডিজিটেল ডেস্কঃ একেৰাহে দ্বাদশ বাৰৰ বাবে লালকিল্লাত স্বাধীনতাৰ দিৱসৰ পতাকা উত্তোলন কৰিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পতাকা উত্তোলন কৰি দেশবাসী সম্বোধি প্ৰায় ডেৰ ঘন্টা বক্তব্য ৰাখে প্ৰধান মন্ত্ৰীগৰাকীয়ে। বিকাশ আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ প্ৰভূত্বক লৈ দেশৰ গৌৰৱগাঁথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰে তেওঁ।
লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্রীয়ে কয়- স্বাধীনতাৰ এই মহাপৰ্ব ১৪০কোটি জনগণৰ পৰ্ব। স্বাধীনতাৰ মহাপৰ্ব সামূহিক সংকল্পৰ পৰ্ব। সংবিধান প্রণেতাসকলক আজি প্রণাম জনাইছো। ২৮০টাতকৈও অধিক ধাৰাক বিলুপ্তি কৰা হ’ল।
প্রকৃতিয়ে আমাৰ সকলোৰে পৰীক্ষা লৈ আছে। বিগত কিছু দিন ধৰি প্রাকৃতিক বিপদৰ সৈতে আমি যুঁজিব লগীয়া হৈছে।
কেন্দ্র আৰু ৰাজ্য চৰকাৰে মিলি পুনৰ গঠনৰ কামত আমি আগবাঢ়িছো। অপাৰেচন সিন্দূৰৰ প্রতিগৰাকী বীৰ যোদ্ধালৈ চেল্যুট জনাইছো। শত্রুক কল্পনা কৰিব নোৱাৰা শাস্তি প্রদান কৰা হৈছে। পেহেলগামত ধৰ্মৰ ভিত্তিত নীৰিহ লোকক হত্যা কৰা হ’ল। অপাৰেচন সিন্দূৰ পেহেলগামৰ আক্ৰোশৰ প্রতিফলন আছিল। আমি এতিয়া পৰমাণু আক্রমণৰ ভাবুকিক সহ্য নকৰো।
অপাৰেচন সিন্দূৰত দেশৰ সেনা বাহিনীৰ বীৰত্বৰ কথা সোৱঁৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- সন্ত্রাসবাদীৰ ঘাটিক মাটিত মিহলি কৰি দিছে সেনাই। তেজ আৰু পানী একেলগে ব’বলৈ দিয়া নহ’ব। সিন্ধু জলচুক্তি এক পক্ষীয় আছিল, অন্যায়পূৰ্ণ আছিল।
‘ভাৰতৰ নৈৰ পানীয়ে শত্রুপক্ষৰ খেতি সমৃদ্ধি কৰিছিল। এয়া কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। ভাৰতৰ নৈ আৰু পানীৰ ওপৰত কেৱল ভাৰতৰ অধিকাৰ-কৃষকৰ অধিকাৰ আছে।
সিন্ধু জলচুক্তি আমি কেতিয়াও মানি ল’ব নোৱাৰো। ৰাষ্ট্রৰ স্বাৰ্থৰ বাবে এই চুক্তি আমি মানি নলও। আত্মসন্মানৰ স্বাৰ্থত আমি আত্মনিৰ্ভৰ হ’ব লাগিব। অপাৰেচন সিন্দূৰত আত্মনিৰ্ভৰ ভাৰতৰ প্রতিফলন ঘটিছে। আত্মনিৰ্ভৰতা বিকশিত ভাৰতৰ আধাৰ। ভাৰত আত্মনিৰ্ভৰ নহ’লে অপাৰেচন সিন্দূৰ সফল নহ’লহেঁতেন়।
প্রধানমন্ত্রীৰ ভাষণত ছেমিকণ্ডাক্টৰৰ প্রসংগই স্থান পায়। তেওঁ কয়- এই বৰ্ষৰ শেষত মেড ইন ইণ্ডিয়া চিপ বজাৰত উপলব্ধ হ’ব। শক্তিখণ্ডৰ ক্ষেত্রত ভাৰত আত্মনিৰ্ভৰ হোৱাটো প্রয়োজনীয়। ৫০ বছৰ পূৰ্বে ছেমিকণ্ডাক্টৰৰ ফাইল থমকি ৰৈছিল।
সৌৰ শক্তিৰ ব্যৱহাৰ বিগত ১১টা বৰ্ষত ৩০% বৃদ্ধি পাইছে। পৰমাণু শক্তি খণ্ডতো ভাৰত আগবাঢ়িবলৈ লৈছো। ১০টা নতুন পৰমাণু শক্তি প্রকল্পৰ কাম চলি আছে। ২০৪৭লৈকে ১০গুণ অধিক শক্তি উৎপাহদনৰ দিছে আগবাঢ়িছো।
শুভাংশু শুক্লাৰ সফলতাকো প্রশংসা প্রধানমন্ত্রীৰ। মেড ইন ইণ্ডিয়া ফাইটাৰ জেটৰ ইঞ্জিন আমি প্রস্তুত কৰিব লাগিব।
নৱ প্রজন্মৰ সামৰ্থৰ ওপৰত মই বিশ্বাসী। ছ’লাৰ পেনেল, ইলেকট্রিক বাহন নিৰ্মাণত আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব।
সমগ্র বিশ্বতে ভাৰতৰ UPIৰ ব্যৱস্থাক প্রশংসা কৰা হৈছে। আমাৰ শক্তি আৰু সামৰ্থ আছে।
মুদ্রা যোজনাৰ জৰিয়তে আত্মনিৰ্ভৰতা বৃদ্ধি পাইছে। মহিলা আত্ম সহায়ক গোটে সফলতাৰে আগবাঢ়িছে। আজি মহিলাৰদ্বাৰা উৎপাগদিত খেল সামগ্রীয়ে বিশ্বৰ বজাৰ দখল কৰিছে। বিশ্বৰ বজাৰত আমাৰ সামৰ্থ আমি দেখুৱাব লাগিব।
প্রতিটো ক্ষেত্রতে আমি আত্মনিৰ্ভৰশীল হ’ব লাগিব।
দাম কম কিন্তু শক্তি অধিক- এই বাৰ্তাৰে আমি আগবাঢ়িব লাগিব। দেশৰ ভাগ্য সলনি কৰাৰ ক্ষেত্রত সকলো উজাৰি দিয়ক।
চাইবাৰ সুৰক্ষাৰ পৰা AI প্রযুক্তিলৈকে সকলো আমাৰ নিজৰ হওক। ক্ষুদ্র ব্যৱসায়ীসকলকো আত্মনিৰ্ভৰতাৰ মন্ত্রৰে আগবাঢ়িবলৈ আহ্বান । ভোকেল ফৰ লোকেলক মূল মন্ত্র হিচাপে লৈ আগবাঢ়িব লাগিব। অনাৱশ্যক আইন বিলুপ্তি ঘটোৱা হ’ব।
এইবাৰ দীপাৱলিত বৃহৎ উপহাৰ আপোনালোকক দিয়া হ’ব। নতুন GST প্রক্রিয়া শীঘ্রে আপোনালোকৰ বাবে লৈ অহা হ’ব।
GSTৰ ওপৰত সমীক্ষা হোৱাটো প্রয়োজনীয় আছিল। ইয়াৰ ফলত নাগৰিকৰ কৰৰ বোজা হ্ৰাস পাব। অত্যাৱশ্যকীয় বহু সামগ্রীৰ মূল্য হ্রাস পাব। নৱ প্রজন্মৰ বাবে আজি এটা বিশেষ দিন।
১ লাখ কোটিৰ নতুন আঁচনি আমি আজিৰ পৰা আৰম্ভ কৰিম।প্রধানমন্ত্রী বিকশিত ভাৰত ৰোজগাৰ আঁচনি আজিৰে পৰা আৰম্ভ কৰা হ’ল। ৩.৫ কোটি যুৱক-যুৱতী ইয়াৰ জৰিয়তে উপকৃত হ’ব। আজি ভাৰত মৎস্যু উৎপাইদনত বিশ্বৰ ২য় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
কৃষি বীমা যোজনাৰ জৰিয়তে উপকৃত হৈছে দেশৰ কৃষক। ভাৰতৰ কৃষক,পশুপালক,মৎস্যে উৎপাহদনকাৰীক প্রাথমিকতা দিয়া হ’ব। কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে মোডী সদায় গড় হৈ থিয় দি থাকিব। দলিত, বঞ্চিতৰ বাবে চৰকাৰে সকলো সময়তে কাম কৰি আছে। ১০কোটি লোক দৰিদ্র সীমা ৰেখাৰ পৰা ওলাই আহিছে। - এনেদৰে কয় প্ৰধানমন্ত্ৰীয়ে।