পি এম শ্ৰী  গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তী

বিগত ৭৫ বছৰীয়া নিৰবধি জ্ঞানৰ গৰিমা বিলাই যোৱা ঢকুৱাখনাৰ হাৰ্হি অঞ্চলৰ পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
45

ডিজিটেল সংবাদ, ঢকুৱাখনা : প্ৰতিষ্ঠা কালৰে পৰা বিগত ৭৫ বছৰীয়া নিৰবধি জ্ঞানৰ গৰিমা বিলাই যোৱা ঢকুৱাখনাৰ হাৰ্হি অঞ্চলৰ পি এম শ্ৰী গোবিন্দপুৰ মজলীয়া বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বিদ্যালয় প্ৰাঙ্গন বিভিন্ন প্ৰান্তৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক -কৰ্মচাৰীৰ আগমনত বিধৌত হোৱা পৰিবেশৰ মাজতে দ্বিতীয় দিনা পুৱা স্থানান্তৰিত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জগত চন্দ্ৰ দত্ত বৰা স্মাৰক বক্তৃতাৰ সঞ্চালনা কৰে প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই ।

বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে " নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ প্ৰত্যাহ্বান আৰু প্ৰত্যাক্ষা" শীর্ষক আলোচনাচক্ৰত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ পংকজ বৰঠাকুৰ , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে আলোচক হিচাপে  অংশগ্ৰহণ কৰে।

দুপৰীয়া জয়ন্তীৰ মুখপত্ৰ "মহাৰজত জ্যোতি" উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ ,নাট্যকাৰ ,অভিনেতা অমিয় কুমাৰ সন্দিকৈয়ে। শিক্ষাবিদ ড০ অখিল ৰঞ্জন দত্ত , প্ৰবীণ শিক্ষাব্ৰতী  ইন্দিবৰ বুঢ়াগোঁহাই , টংক ৰাজখোৱা ,ধনীৰাম বৰা , পৃথুৰাম বৰা , উদযাপন  সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ বৰা ,জ্যেষ্ঠ নাগৰিক যতীন বৰুৱা , হেম গগৈ বৰা ,ধৰ্মেশ্বৰ দত্ত , নিৰমা বৰুৱা আদি গৰিষ্ঠ সংখ্যক ব্যক্তিৰ উপস্থিতিত মুখপত্ৰ উন্মোচন কৰা হয়। 

উন্মোচক সন্দিকৈয়ে সাম্প্ৰতিক সময়ত মোবাইলৰ বহুল প্ৰচলনৰ সময়ত যুৱ প্ৰজন্মক মোবাইলৰ ইতিবাচক দিশৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ লগতে গুণগত শিক্ষাৰে শিক্ষিত কৰাত শিক্ষাগুৰুসকলৰ দায়িত্ব গধুৰ বুলি কয়। আজিৰ সময়ত মানৱ সমাজে মবাইল চলোৱা নাই ,মবাইলেহে মানৱ সমাজক চলোৱা বুলি কয় ।

তেওঁ  শিক্ষাৰ্থীৰ মাজত আত্মবিশ্বাস আত্ম প্ৰত্যয় গঢ়ি তুলিবৰ বাবে শিক্ষাগুৰু সকল অধিক যত্নপৰ হোৱাৰ আহ্বান জনায়। প্ৰয়াত পিতৃ মাতৃৰ সোঁৱৰণত উৎস্বৰ্গিত স্মৃতিগ্ৰন্থৰ প্ৰকাশক  পৰিয়াল পৃথুৰাম বৰা ,সহধৰ্মিনী ভৱানী  বৰা আৰু আত্মীয় স্বজনক বিদ্যালয় পৰিয়ালৰ হৈ কৃতজ্ঞতা প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ পাছতে  স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।  বিয়লি প্ৰাক্তন শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱা হয়।

আনহাতে, কাইলৈ জয়ন্তীৰ অন্তিম দিনা পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব । অভিনেত্ৰী পাপৰি বৰাই বিদ্যালয় প্ৰাঙ্গনত শুভ উদ্বোধন কৰিব লগা এই শোভাযাত্ৰাৰ পাছতে মুকলি সভা অনুষ্ঠিত হ'ব ।

ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ সূতে উদ্বোধন কৰিব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগু, সন্মানীয় অতিথি হিচাপে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অৰূপজ্যোতি চৌধুৰী , নিৰ্দিষ্ট বক্তা হিচাপে অনুপ্ৰেৰণামূলক বক্তা পাৰ্থ জ্যোতি বৰাৰ উপৰিও গৰিষ্ঠ সংখ্যক বিশিষ্ট অতিথিয়ে মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। নিশালৈ বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ শ্ৰুতিমধুৰ সাংস্কৃতিক কাৰ্যসূচীৰে  মহাৰজত জয়ন্তীৰ তিনিওটা দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মৰা হ'ব ।

ঢকুৱাখনা