ভাৰতৰ ওপৰত আৰোপিত অতিৰিক্ত কৰ আঁতৰাব আমেৰিকাই! অহা সপ্তাহত ল'ব সিদ্ধান্ত...

ওভতগোৰে নচা আমেৰিকাই যেন অৱশেষত চেতনা ঘূৰাই পালে। ভাৰতৰ বিৰুদ্ধে  গ্ৰহণ কৰা ইটো পিছত সিটো হঠকাৰী সিদ্ধান্তৰ পাছত এইবাৰ ভাৰতৰ ফালে বন্ধুত্বৰ হাত মেলি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ ওভতগোৰে নচা আমেৰিকাই যেন অৱশেষত চেতনা ঘূৰাই পালে। ভাৰতৰ বিৰুদ্ধে  গ্ৰহণ কৰা ইটো পিছত সিটো হঠকাৰী সিদ্ধান্তৰ পাছত এইবাৰ ভাৰতৰ ফালে বন্ধুত্বৰ হাত মেলি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

যোৱা ৯ছেপ্টেম্বৰত এক্স হেণ্ডেলত ট্ৰাম্পে ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। ট্ৰাম্পে কয় যে, অহা সপ্তাহত ব্যৱসায়িক কিছু কথাক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক বাৰ্তালাপত মিলিত হম। ট্ৰাম্পৰ এই প্ৰস্তাৱক সেউজ সংকেত দিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্স হেণ্ডেলত ট্ৰাম্পক উত্তৰ দি কয় যে, আমেৰিকা-ভাৰতৰ মাজত এক ঘনিষ্ঠ বন্ধুত্ব আছে। মোৰ বিশ্বাস আছে ব্যৱসায়িক ক্ষেত্ৰত এই দুয়োখন দেশে একেলগে কাম কৰিলে অপাৰ সম্ভাৱনাৰ বাট মুকলি হ'ব। মই আৰু মোৰ টীমে অচিৰেই বাৰ্তালাপত মিলিত হম। ময়ো ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ ইচ্ছুক। দুয়োখন দেশৰ জনতাৰ কল্যাণৰ বাবে আমি সকলো কৰিবলৈ সাজু। 

উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্পে এক্স হেণ্ডেলত লিখিছিল যে, মোৰ বিশ্বাস আছে যে ব্যৱসায়িক ক্ষেত্ৰখনত ভাৰত আৰু আমেৰিকাই একেলগে কাম কৰিলে কোনো অসুবিধাৰ সৃষ্টি নহ'ব। অচিৰেই মই মোৰ বন্ধু নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্তালাপত মিলিত হম। 

ট্ৰাম্পৰ এই প্ৰস্তাৱৰ পাছতে ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰা অতিৰিক্ত কৰ ৰেহাই দিয়াৰো সম্ভাৱনা আছে।  কিয়নো আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা এই ৫০শতাংশ অতিৰিক্ত কৰৰ পাছতে দুয়োখন দেশৰ মাজত ব্যৱধান বৃদ্ধি পাইছিল। এই ব্যৱধানৰ প্ৰতি লক্ষ্য ৰাখিয়েই ট্ৰাম্পে হয়তো পুনৰ কথা পাতিব বিচাৰিছে মোডীৰ সৈতে। 

ড'নাল্ড ট্ৰাম্প