কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে মোডীয়েঃ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পলৈ বাৰ্তা মোডীৰ

ৰাছিয়াৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ উপৰিও অতিৰিক্তভাৱে জৰিমণা হিচাপে পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰিলে ড'নাল্ড ট্ৰাম্পৰ।

author-image
Asomiya Pratidin
New Update
কৃষকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে মোডীয়েঃ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে ট্ৰাম্পলৈ বাৰ্তা মোডীৰ

ডিজিটেল ডেস্কঃ ৰাছিয়াৰে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ উপৰিও অতিৰিক্তভাৱে জৰিমণা হিচাপে পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰিলে ড'নাল্ড ট্ৰাম্পৰ। ভাৰতৰ ওপৰত এইদৰে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিছে। 

কৃষকৰ স্বাৰ্থৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এক বাৰ্তাত কয়, ভাৰতে কেতিয়াও নিজৰ কৃষক আৰু মাছমৰীয়াসকলৰ স্বাৰ্থৰ সৈতে আপোচন নকৰে। ট্ৰাম্পৰ এই নতুন শুল্ক নীতিৰ বাবে হয়তো মূল্য দিব লাগিব, কিন্তু কৃষকৰ স্বাৰ্থৰ বাবেই এই মূল্য দিবলৈ সাজু। 

দিল্লীত অনুষ্ঠিত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তৰ্জাতিক সন্মিলনত ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয় মন্তব্য কৰিছে। তেওঁ কয়, "কৃষকৰ স্বাৰ্থ আমাৰ প্ৰথম অগ্ৰাধিকাৰ। ভাৰতে কেতিয়াও নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়াৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে। মই জানো যে ইয়াৰ বাবে মই ব্যক্তিগতভাৱে বৃহৎ মূল্য দিব লাগিব, তাৰ বাবে মই সাজু। দেশৰ কৃষক, মাছমৰীয়া আৰু পশুপালকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ভাৰত সদায় সাজু।"

উল্লেখ্য যে, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত জৰিমণা হিচাপে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁৰ মতে, ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। সেয়ে শাস্তি হিচাপে ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হৈছে।

অৰ্থাৎ এইবাৰ আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিব। এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ নতুন শুল্ক হাৰ পৰৱৰ্তী ২১ দিনৰ পৰা কাৰ্যকৰী হ’ব। 

তেওঁ স্পষ্টকৈ কয়, ‘ভাৰতে বৰ্তমান প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাছিয়াৰ তেল আমদানি কৰি আছে। গতিকে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰাটো প্ৰয়োজনীয় বুলি মই ভাবো।' 

ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে, "যোৱা কেইদিনমানৰ পৰা আমেৰিকাই ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানিক লক্ষ্য কৰি লৈছে। আমি ইতিমধ্যে এই বিষয়ত আমাৰ স্থিতি স্পষ্ট কৰি দিছো। বজাৰৰ পৰিস্থিতি আৰু দেশৰ ১৪ বিলিয়ন জনসাধাৰণৰ শক্তিৰ প্ৰয়োজনীয়তাক মনত ৰাখি আমদানি কৰা হয়।"

ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে এক বাৰ্তা প্ৰেৰণ কৰিলে যে, ভাৰতৰ ভেঁটি হৈছে কৃষি। কৃষকে সমগ্ৰ দেশক খাদ্য যোগান ধৰে। ইয়াৰ কৃষি খণ্ড স্বতন্ত্ৰ। 

অতিৰিক্ত লাভৰ স্বাৰ্থত সেই স্বাধীনতাৰ লগত কোনো আপোচ কৰা নহয়। তেনেকুৱা হ’লে কৃষকসকল নিজৰ মাটিতে দাস হৈ পৰিব। এই সন্দৰ্ভত বাওঁপন্থী সংগঠন সাৰা ভাৰত কৃষক সভাৰ জ্যেষ্ঠ নেতা হান্নান মোল্লাই কয় যে কৃষি, দুগ্ধ আদিকে ধৰি খাদ্য উৎপাদন খণ্ডক পুঁজিপতিৰ হাতত এৰি দিব নোৱাৰি। 

উল্লেখ্য যে ভাৰতে আমেৰিকালৈ বিভিন্ন ধৰণৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি আহিছে। সেয়ে ট্ৰাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক নীতিয়ে এই কৃষি খণ্ডৰ ওপৰতো প্ৰভাৱ পেলাব আৰু ভাৰতৰ কৃষি ৰপ্তানীয়েও ইয়াৰ বোজা বহন কৰিব লাগিব। সেয়ে মোডীয়ে কৃষকৰ স্বাৰ্থত এই বাৰ্তা প্ৰেৰণ কৰিলে ট্ৰাম্পলৈ।

আমেৰিকা যুক্তৰাষ্ট্ৰ নৰেন্দ্ৰ মোডী ড'নাল্ড ট্ৰাম্প