বান, ভূমিস্খলনত প্ৰভাৱিত ৰাজ্য ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

উত্তৰ ভাৰতকে ধৰি একাধিক ৰাজ্যত বান আৰু ভূমিস্খলনে ধ্বংসযজ্ঞ চলোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শীঘ্ৰেই এই প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনৰ কৰিবলৈ সাজু হৈছে।

author-image
Tushar Pratim
New Update
বান, ভূমিস্খলনত প্ৰভাৱিত ৰাজ্য ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...

ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতকে ধৰি একাধিক ৰাজ্যত বান আৰু ভূমিস্খলনে ধ্বংসযজ্ঞ চলোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শীঘ্ৰেই এই প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শনৰ কৰিবলৈ সাজু হৈছে। অবিৰতভাৱে হোৱা বৰষুণ, ভূমিস্খলনৰ ফলত শতাধিক মানুহৰ প্ৰাণ যোৱাৰ লগতে ৰাজহুৱা, ব্যক্তিগত সম্পত্তিৰ বিপুল ক্ষতি, কৃষিক্ষেত্ৰ, আন্তঃগাঁথনিও ধ্বংস হৈছে। এনে পৰিস্থিতিত মোডীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ।

সৰ্বাধিক ক্ষতি গ্ৰস্ত ৰাজ্যৰ তালিকাৰ শীৰ্ষত হিমাচল প্ৰদেশ

বান, ভূমিস্খলনত হিমাচল প্ৰদেশ বৰ্তমান সৰ্বাধিক প্ৰভাৱিত ৰাজ্য। বাৰিষাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে পাহাৰীয়া ৰাজ্যখনত ৩৬০ৰো অধিক লোকৰ প্ৰাণ হানি হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰ (SDMA)য়ে জনোৱা মতে, ১,০৮৭টা পথ ধ্বংস হোৱাৰ লগতে ২,৮৩৮টা বিদ্যুত যোগান লাইন আৰু ৫০৯ টা জল যোগান প্ৰণালী ধ্বংস হৈছে। 
ৰাজ্যখনত ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় ৩,৯৭৯.৫২ কোটি টকা হোৱাৰ অনুমান কৰা হৈছে। 

পাঞ্জাবৰ ভয়াৱহ বানপানী

পাঞ্জাব যোৱা এটা দশকৰ ভিতৰত সৰ্বাধিক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। ৰাজ্যখনৰ ২৩ খন জিলাৰ ১,৯০০ৰো অধিক গাঁও বান পানীৰ কৱলত পৰিছে। যাৰ ফলত ৪৩জন লোকৰ মৃত্যু হৈছে। 

ৰাজ্যখনত প্ৰায় ১.৭১ লাখ হেক্টৰ কৃষি ভূমি পানীত ডুব গৈছে। ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বিশেষ আৰ্থিক পেকেজৰ দাবি জনাইছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বিশদ প্ৰতিবেদন প্ৰস্তুত কৰি আছে। ৰাজ্যখনৰ সকলো নদীয়েই বিপদ সীমাৰ ওপৰেদি বৈ আছে।

উন্নত হ’বলৈ আৰম্ভ কৰিছে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতি 

জম্মু আৰু কাশ্মীৰত পানীৰ স্তৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ৰাজ্যখনৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও (IMD) অহা ২৪ ঘণ্টাত ৰাজ্যখনৰ আকাশ মুকলি হৈ থাকিব বুলি উল্লেখ কৰিছে। 
তাৰ মাজতো মুখ্যমন্ত্ৰী ওমৰ আবদুল্লাই পৰিস্থিতি পৰ্যালোচনা বৈঠকত নিৰ্দেশ দিছে যাতে সংবেদনশীল অঞ্চলসমূহৰ সুৰক্ষা শক্তিশালী কৰা হয়, গাঁওবাসীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয় আৰু নিয়ন্ত্ৰণ কক্ষসমূহত ২৪ ঘণ্টা পৰ্যবেক্ষণ চলি থাকে।


উত্তৰাখণ্ড আৰু অন্যান্য ৰাজ্যতো ক্ষতি

উত্তৰাখণ্ড আৰু অন্যান্য উত্তৰ ভাৰতীয় ৰাজ্যতো বান আৰু ভূমিস্খলনে ধ্বংসযজ্ঞ সৃষ্টি কৰিছে। শতাধিক ঘৰ, পথ–পৰিবহণ ব্যৱস্থা আৰু দৈনন্দিন জীৱন ব্যাপকভাৱে প্ৰভাৱিত হৈছে। ৰাজ্য আৰু কেন্দ্ৰ উভয়ে মিলি উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে।


প্ৰধানমন্ত্ৰী মোডীৰ তৎপৰতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ৰাজ্যসমূহ ভ্ৰমণ কৰি প্ৰাকৃতিক দুৰ্যোগে ক্ষতি কৰা অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযান অধিক দ্ৰুত কৰাত নিশ্চিত কৰাৰ লক্ষ্য লৈছে। আনহাতে সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চলক অগ্ৰাধিকাৰ দি ৰাজ্যিক চৰকাৰৰ সৈতে সুৰক্ষা–পুনৰ সংস্থাপনৰ বাবে সমন্বয়ৰে কাম কৰিব বুলি জানিবলৈ দিয়া হৈছে। উল্লেখ্য যে, উত্তৰ ভাৰতত বৰ্ষাকালীন এই দুৰ্যোগৰ ফলত এতিয়ালৈকে ৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। 

ভূমিস্খলন বানপানী নৰেন্দ্ৰ মোডী