/asomiyapratidin/media/media_files/2025/09/17/iiiid-2025-09-17-14-02-27.jpg)
ডিজিটেল ডেস্কঃ ৭৫বছৰীয়া ওপজা দিনটোতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আওপকীয়াকৈ সকিয়নী প্ৰদান কৰিলে পাকিস্তানক। বুধবাৰে মধ্যপ্ৰদেশৰ ধৰতপ্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে কয় যে, পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নী-কন্যাৰ কপাঁল উকা কৰিছে।অপাৰেচন সিন্দুৰৰজৰিয়তে আমি সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰিছো৷
উল্লেখ্যে যে, জন্মদিন উপলক্ষে মধ্যপ্ৰদেশত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী। জনতাক সম্বোধন কৰি তেওঁ কয় যে মহাৰাজ ভোজৰ বীৰত্বই আমাক জাতীয় গৌৰৱ ৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিবলৈ শিকায়। এই সভাতে প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানক সকীয়াই দি কয় যে, "এয়া নতুন ভাৰত, যিখনে কাৰো পাৰমাণৱিক ভাবুকিৰ প্ৰতি ভয় নকৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আমাৰ সাহসী সৈন্যই চকুৰ পলকতে পাকিস্তানক আঁঠু ল'বলৈ বাধ্য কৰালে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি বিশ্বকৰ্মা পূজা উপলক্ষে এক বৃহৎ ঔদ্যোগিক পদক্ষেপ চলি আছে। ইয়াত (ধাৰ) দেশৰ সৰ্ববৃহৎ সংহত বস্ত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই উদ্যানখনে ভাৰতৰ বস্ত্ৰ উদ্যোগক শক্তিশালী কৰি তুলিব আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰিব। এই বস্ত্ৰ উদ্যানখনে আমাৰ বৃহৎ সংখ্যক যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। এই প্ৰকল্পসমূহৰ বাবে মোৰ সকলো দেশবাসীক অভিনন্দন জনাইছো।"