/asomiyapratidin/media/media_files/2025/08/25/modi-25-2025-08-25-19-09-35.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰী সম্পৰ্কত কেন্দ্ৰীয় তথ্য আয়োগে দিয়া নিৰ্দেশ বাতিল কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। এই সম্পৰ্কীয় এক গোচৰৰ আজি ৰায়দান কৰি ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডীৰ ডিগ্ৰী প্ৰকাশ কৰা নহ’ব বুলি কয়।
উল্লেখ্য যে, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা আবেদনৰ উত্তৰত কেন্দ্ৰীয় তথ্য আয়োগে প্ৰায় ৮ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীৰ ডিগ্ৰী ৰাজহুৱা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ইয়াৰ পিছতেই দিল্লী বিশ্ববিদ্যালয়ে গোপনীয়তাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় তথ্য আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দিল্লী উচ্চ ন্যায়ালয়ত। সেই গোচৰৰে ৰায় প্ৰদান কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।
কেন্দ্ৰীয় তথ্য আয়োগে দিছিল মোডীৰ ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ ৰাজহুৱা কৰাৰ নিৰ্দেশ
কেন্দ্ৰীয় তথ্য আয়োগে যিকোনো ৰাজহুৱা ব্যক্তিৰ বিশেষকৈ প্ৰধানমন্ত্ৰীৰ শৈক্ষিক অৰ্হতা স্বচ্ছ হ’ব লাগে বুলি মন্তব্য কৰিছিল। তেওঁৰ স্নাতন ডিগ্ৰীৰ প্ৰমাণ পত্ৰক ৰাজহুৱা নথি হিচাপে গণ্য কৰা উচিত বুলিও কৈছিল।
কিন্তু তথ্য আয়োগৰ এনে মন্তব্যৰ বিৰোধিতাৰে এই তথ্য দিবলৈ অস্বীকাৰ কৰে দিল্লী বিশ্ববিদ্যালয়ে। আয়োগৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই বিশ্ববিদ্যালয়খনে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ন্যায়ালয়ত দিল্লী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু তেওঁৰ আইনী দলে।
ন্যায়ালয়ত দিল্লী বিশ্ববিদ্যালয়ৰ এই আইনী দলটোৱে যুক্তি দিছিল যে জনসাধাৰণৰ তথ্যৰ অধিকাৰতকৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ গোপনীয়তাৰ অধিকাৰ অধিক গুৰুত্বপূৰ্ণ।
কেনেকৈ আৰম্ভ হৈছিল এই বিতৰ্ক?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শৈক্ষিক ডিগ্ৰীৰ বিতৰ্ক নতুন কথা নহয়। তেওঁ ৰাজহুৱাকৈ দাবী কৰিছিল ১৯৭৮ চনত ডিল্লী বিশ্ববিদ্যালয়ৰ পৰা ‘এণ্টায়াৰ পলিটিকছ’ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।
তাৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক। এজন ব্যক্তিয়ে সেয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনত কলা শাখাত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীৰ তথ্য বিচাৰি আৰ টি আইৰ জৰিয়তে আবেদন কৰিছিল।
প্ৰায় এটা দশকৰ পূৰ্বে আৰম্ভ হৈছিল এই বিতৰ্ক। ২০১৬ চনত দাখিল হোৱা এই আৰ টি আইৰ আবেদনত দিল্লী বিশ্ববিদ্যালয়ে এই তথ্য দিবলৈ অমান্তি হয়। বিশ্ববিদ্যালয়খনে যুক্তি দি উল্লেখ কৰে কোনো তৃতীয় পক্ষৰ সৈতে শিক্ষাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ তথ্য তেওঁলোকে ৰাজহুৱা নকৰে।
তাৰ পিছতেই বিষয়টো কেন্দ্ৰীয় তথ্য আয়োগৰ কাষ পাইগৈ। আয়োগেও আবেদনকাৰীৰ পক্ষ লৈ দিল্লী বিশ্ববিদ্যালয়ক এই তথ্য দিবলৈ নিৰ্দেশ দিয়ে যদিও বিশ্ববিদ্যালয়ে ইয়াৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।
দিল্লী উচ্চ ন্যায়ালয়ত কি ক’লে বিশ্ববিদ্যালয়ে?
দিল্লী বিশ্ববিদ্যালয়ক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছিল ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু তেওঁৰ আইনী দলে। ন্যায়ালয়ত মেহতাই যুক্তি দিছিল যে জনসাধাৰণৰ তথ্যৰ অধিকাৰতকৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ গোপনীয়তাৰ অধিকাৰ অধিক গুৰুত্বপূৰ্ণ।
মেহতাই লগতে যুক্তি আগবঢ়ায় যে এই তথ্য প্ৰকাশ কৰিলে এক বিপজ্জনক নজিৰ গঢ়ি উঠিব যিয়ে ৰাজহুৱা কৰ্তৃপক্ষৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলাব পাৰে। তেওঁ জোৰ দি কয় যে বিশ্ববিদ্যালয়খনে ন্যায়ালয়ে পৰীক্ষাৰ বাবে ৰেকৰ্ডসমূহ দাখিল কৰিবলৈ ইচ্ছুক।
তেওঁ আৰু অভিযোগ কৰে যে, মোডীৰ শিক্ষাগত অৰ্হতা বিচাৰি দাখিল কৰা আবেদনৰ আঁৰত আছে ৰাজনৈতিক উদ্দেশ্য আৰু ব্যক্তিগত প্ৰচাৰৰ উদ্দেশ্য।