/asomiyapratidin/media/media_files/2025/07/09/narendra-modi-brazil-2025-07-09-18-49-10.jpeg)
ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে দেশখনত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীক বিমান বন্দৰৰ পৰাই উষ্ম আদৰণি জনায়।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আলভোৰাডা পেলেচত মঙলবাৰে নৰেন্দ্ৰ মোডীক আদৰণি জনাবলৈ ৰাজকীয় আয়োজন কৰা হয়। ৰাজধানী চহৰ ব্ৰাজিলিয়াত উপস্থিত হোৱাৰ লগে লগে তেতওঁক ১১৪ টা ঘোঁৰাৰ সৈতে শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়।
Glimpses from the ceremonial welcome in Brasília. This state visit to Brazil will add momentum to our bilateral relations.@LulaOficial pic.twitter.com/AM7WaQdW2G
— Narendra Modi (@narendramodi) July 8, 2025
মোডীক আদৰণি জনোৱাৰ সময়ত তেওঁলৈ সন্মান জনাই ভাৰতীয় শাস্ত্ৰিয় সংগীতো পৰিবেশন কৰা হয়। স্বাভাৱিকতে এই সাংস্কৃতিক কাৰ্যসূচীত মোডীৰ সন্মুখত প্ৰদৰ্শিত কৰা হয় ব্ৰাজিলৰ স্থানীয় কলা-কুশলীৰ পৰম্পৰাগত চাম্বা ৰেগে আদিও।
উল্লেখ্য যে, ৬ জুলাইৰ পৰা ৭ জুলাইলৈ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পিছত ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দ্য ছিলভাৰ আমন্ত্ৰণত ব্ৰাজিল ভ্ৰমণ কৰিছে মোডীয়ে।
এই ভ্ৰমণৰ মাজতে তেওঁক মঙলবাৰে ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য গ্ৰেণ্ড কলাৰ অৱ দ্য নেচনেল অৰ্ডাৰ অৱ দ্য চাউদাৰ্ণ ক্ৰছ’ৰে সন্মানিত কৰে। ইয়াৰ লগে লগে মোডীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ সংখ্যা ২৬টালৈ বৃদ্ধি পালে।
এই সন্মান লাভ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱাটো কেৱল মোৰ বাবেই নহয়, ১৪ বিলিয়ন ভাৰতীয়ৰ বাবেও এক গৌৰৱ আৰু আৱেগিক মুহূৰ্ত। মই ব্ৰাজিল চৰকাৰ আৰু ব্ৰাজিলৰ জনসাধাৰণৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
আনহাতে, ব্ৰাজিলে ভাৰত-ব্ৰাজিলৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক মজবুত কৰা আৰু বিভিন্ন আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মোডীৰ অৱদান অনস্বীকাৰ্য বুলি উল্লেখ কৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতাৰ চিন স্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে।
#WATCH | Brasilia, Brazil: National anthems of India and Brazil being played at Alvorada Palace as PM Narendra Modi receives a ceremonial welcome here. He has been received by Brazilian President Luiz Inácio Lula da Silva.
— ANI (@ANI) July 8, 2025
(Video Source: ANI/DD News) pic.twitter.com/XUMgjsKkfb
উল্লেখ্য যে, এই লেটিন আমেৰিকান দেশত চতুৰ্থবাৰৰ বাবে ভৰি দিছে মোডীয়ে। ব্ৰাজিলত উপস্থিত হোৱাৰ লগে লগে দেশখনত বাস কৰা ভাৰতীয়সকলেও মোডীক উষ্ম আদৰণি জনায়।
ব্ৰিকছ সন্মিলনৰ পাছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় মোডী। সূত্ৰ অনুসৰি দুয়োগৰাকী নেতাই বাণিজ্য, ডিজিটেল পেমেণ্ট, পৰম্পৰাগত চিকিৎসা, বহনক্ষম উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে।
A testament to the multifaceted 🇮🇳-🇧🇷 Strategic Partnership.
— Randhir Jaiswal (@MEAIndia) July 8, 2025
President @LulaOficial conferred on PM @narendramodi the ‘Grand Collar of the National Order of the Southern Cross’- 🇧🇷’s highest honour.
PM expressed his gratitude to the government & people of 🇧🇷 for this… pic.twitter.com/CjNE2qgnXd
বৈদেশিক মন্ত্ৰণালয়ৰ মতে দুয়োজন শীৰ্ষ নেতাই আয়ুৰ্বেদত সহযোগিতা সম্প্ৰসাৰণ, দুৰ্যোগৰ বাবে প্ৰস্তুতি, প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰকাশিত খবৰ অনুসৰি অহা ৫ বছৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত ২০ বিলিয়ন ডলাৰৰ ব্যৱসায় হ’ব।
এই বৈঠকতে এই বিষয়ত সিদ্ধান্ত লোৱা হৈছে ব্ৰাজিল ভ্ৰমণৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী নামিবিয়ালৈ যোৱাৰ কথা। স্মৰ্তব্য, ১৯৬৮ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিললৈ দ্বিপাক্ষিক ভ্ৰমণৰ বাবে যাত্ৰা কৰিছে।মোডীৰ এই ভ্ৰমণ কেৱল দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাই নহয়, সমগ্ৰ লেটিন আমেৰিকাত কৌশলগত অংশদীদাৰিত্ব গঢ়ি তোলাৰ বাবে ভাৰতৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।