/asomiyapratidin/media/media_files/2025/08/24/fdfdfdf-2025-08-24-12-44-23.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে মহাকাশ শক্তিৰ ৰূপত নিজৰ অসাধাৰণ যাত্ৰা উদযাপন কৰিছে। মহাকাশ দিৱসত ২০২৩ চনত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ স্মৃতি পুনৰ স্মৰণ কৰা হৈছে। এই ঐতিহাসিক সফলতাই ভাৰতক বিশ্বৰ অতি শ্ৰেষ্ঠ মহাকাশ শক্তিৰ গোটত স্থান দিছিল। চন্দ্ৰপৃষ্ঠত খোদিত কৰা "শিৱ শক্তি পইণ্ট"য়ে ভাৰতীয় বৈজ্ঞানিক শক্তিৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ISROৰ সাফল্য এক নতুন গতি লাভ কৰিছে। চৰকাৰে মহাকাশ খণ্ডক চৰকাৰী পৰিসৰৰ পৰা বেচৰকাৰী উদ্যমলৈ বিস্তাৰিত কৰি নতুন নীতিৰ সূচনা কৰিছে। ২০২০ চনত গঠন কৰা IN-SPACeয়ে এই খণ্ডত বেচৰকাৰী অংশীদাৰিত্বৰ বাবে দুৱাৰ খুলি দিয়ে। ২০২৩ৰ মহাকাশ নীতিত বেচৰকাৰী সংস্থাসকলক উৎপাদনৰ পৰা অপাৰেশ্যনলৈকে সকলো ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে।
আনহাতে, মোদী চৰকাৰৰ এই পদক্ষেপৰ ফলত ভাৰতীয় মহাকাশ খণ্ডত ষ্টাৰ্টআপৰ সংখ্যা বৰ্তমানে ৩০০ৰো অধিকলৈ বৃদ্ধি পাইছে। পাঁচ বছৰত প্ৰায় ৫২৬ মিলিয়ন ডলাৰৰ বিনিয়োগ কৰা হৈছে। ২০২৮ চনৰ ভিতৰত ভাৰতীয় অন্তৰীক্ষ ষ্টেচনৰ মডিউল উৎক্ষেপণ আৰু ৪০ তলা উচ্চতাৰ ৰকেটৰ প্ৰস্তুতি চলি আছে, যিয়ে ৭৫ টন পেইল’ড লৈ যাব পাৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে, আমি পাঁচ বছৰত পাঁচটা মহাকাশ ইউনিকৰ্ণ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো। ভাৰতীয় মহাকাশ অৰ্থনীতি ২০৩৩ চনত ৪৪ বিলিয়ন ডলাৰত উপনীত হ’ব বুলি অনুমান কৰা হৈছে। চন্দ্ৰযান-৩ৰ সফলতাৰ পৰা গগনযান মিছনলৈ আৰু মহাকাশ খণ্ডৰ বেচৰকাৰী উদ্যমলৈ ভাৰতৰ এই যাত্ৰাই বিশ্ব মঞ্চত এক নতুন অধ্যায় সূচনা কৰিছে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।