অপাৰেচন সিন্দুৰৰ পিছত এইবেলি কিদৰে উদযাপন কৰা হ'ব দীপাৱলী?

এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোডীয়ে দেৱালিত জম্মু-কাশ্মীৰ, ৰাজস্থান, গুজৰাট, হিমাচল আৰু উত্তৰাখণ্ডৰ সেনা আৰু বায়ুসেনাৰ প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰি এই উৎসৱ উদযাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  প্ৰতিবছৰে সেনা জোৱানৰ সৈতে দেশৰ বিভিন্ন ৰাজ্যত দীপাৱলী উদযাপন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবেলি ক'ত কিদৰে দীপাৱলী উদযাপন কৰিব তাক লৈ সৰ্বত্ৰে চৰ্চা। ইয়াৰ মাজতে আজি বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে এইবেলি গোৱাত নৌসেনাৰ জোৱান সকলৰ সৈতে দেৱালি উদযাপন কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

বিগত ১১ বছৰে শ্ৰী মোডীয়ে কচ্চৰ ৰণ, জয়ছালমেৰ, চিয়াচেন, কাৰ্গিলৰ দৰে সামৰিক অঞ্চল সমূহ ভ্ৰমণ কৰি পোহৰৰ উৎসৱ উদযাপন কৰি আহিছে। কিন্তু অপাৰেচন সিন্দুৰৰ পিছত সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছিল যে এইবাৰ প্ৰধানমন্ত্ৰীয়ে কিদৰে দেৱালি উদযাপন কৰিব?

উল্লেখ্য যে, ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁ দেশৰ  জোৱান সকলৰ মাজত দীপাৱলী উদযাপন কৰি আহিছে। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোডীয়ে দেৱালিত জম্মু-কাশ্মীৰ, ৰাজস্থান, গুজৰাট, হিমাচল আৰু উত্তৰাখণ্ডৰ সেনা আৰু বায়ুসেনাৰ প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰি এই উৎসৱ উদযাপন কৰিছে।

দীপাৱলী উদযাপনৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে নৌসেনাৰ প্ৰতিষ্ঠানলৈ যোৱাৰ সম্ভাৱনা আছে। ২০২৪ চনত কচ্চত জোৱান সকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দীপাৱলী উদযাপন কৰিছিল। প্ৰতিবছৰে জোৱানসকলক মিঠাই খোৱাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী