বিজেপিৰ নতুন সভাপতিৰ নামত আৰ এছ এছে মাৰিব শেষ মোহৰ...

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক লৈ জল্পনা-কল্পনা অব্যাহত আছে। সভাপতি নিৰ্বাচনৰ বাবে বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম চৰ্চাত আছে। কিন্তু প্ৰতিবাৰৰ দৰেই এইবাৰো বিজেপিৰ সভাপতি কোন

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক লৈ জল্পনা-কল্পনা অব্যাহত আছে। সভাপতি নিৰ্বাচনৰ বাবে বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম চৰ্চাত আছে। কিন্তু প্ৰতিবাৰৰ দৰেই এইবাৰো বিজেপিৰ সভাপতি কোন হ'ব, সেয়া শেষ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইহে।

Advertisment

বিজেপিৰ সভাপতি নিৰ্বাচনক লৈ দুই-এদিনতে আৰ এছ এছ প্ৰমুখ মোহন ভাগৱতক সাক্ষাত কৰিব নৰেন্দ্ৰ মোডীয়ে। এই সাক্ষাতকালতে সভাপতি নিৰ্বাচনক লৈ আলোচনা কৰিব দুয়োগৰাকী নেতাই। উল্লেখযোগ্য যে, যোৱা ২৬আগষ্টৰ পৰা ২৮আগষ্টলৈকে দিল্লীত অনুষ্ঠিত হব আৰ এছ এছৰ শতাব্দী সমাৰোহ। এই সমাৰোহত অংশ লবলৈ অহাৰ সময়তে দুয়োগৰাকী নেতা আলোচনাত বহাৰ সম্ভাৱনা আছে।

ইফালে  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে তিনিগৰাকীৰ নাম চৰ্চালৈ আহিছে। তেওঁলোক হ’ল নিৰ্মলা সীতাৰমণ, ডি পুৰন্দেশ্বৰী আৰু বানাথি শ্ৰীনিবাসন। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইও দলৰ দায়িত্ব এগৰাকী মহিলা নেত্ৰীক গতাই দিয়াৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱ দেখুৱাইছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি, আৰ এছ এছে দলৰ শীৰ্ষ পদত এগৰাকী মহিলা মুখ নিৰ্বাচন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানাৰ দৰে বিভিন্ন নিৰ্বাচনত বিজেপিৰ বিজয়ৰ আঁৰত মহিলা ভোটাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। মন কৰিবলগীয়া যে বিজেপিৰ নিয়ন্ত্ৰণ আগতে কেতিয়াও কোনো মহিলা নেত্ৰীক গতাই দিয়া হোৱা নাছিল। যদি কোনো মহিলাই এই পদটো গ্ৰহণ কৰে তেন্তে ইতিহাস ৰচিত হ’ব।

নৰেন্দ্ৰ মোডী