দিল্লীৰ বোমা বিস্ফোৰণ : হাস্পতালত আৰ্তজনৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা পোনে পোনে উভতি আহি তেওঁ এল এন জে পি হাস্পতালত উপস্থিত হৈ আৰ্তজনৰ কাষত থিয় হয় আৰু স্বাস্থ্যৰ বুজ লয়।

author-image
Asomiya Pratidin
New Update
205

ডিজিটেল ডেস্ক : দিল্লীত সংঘটিত বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত লোকসকলৰ কাষত বুধাবাৰে উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা পোনে পোনে উভতি আহি তেওঁ এল এন জে পি হাস্পতালত উপস্থিত হৈ আৰ্তজনৰ কাষত থিয় হয় আৰু স্বাস্থ্যৰ বুজ লয়। 

WhatsApp Image 2025-11-12 at 6.29.14 PM

এই সম্পৰ্কত তেওঁ কয় যে, হাস্পতালত উপস্থিত হৈ মই আঘাতপ্ৰাপ্ত লোকৰসকলক লগ পাই মনৰ বেদনা বুজিবলৈ চেষ্টা কৰিছো। তেওঁলোকৰ আশু আৰোগ্যৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। এই আক্ৰমণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীসকলক ন্যায়ৰ ওচৰলৈ অনা হ'ব। কোনো পধ্যেই দোষীক ৰেহাই দিয়া নহ'ব বুলিও তেওঁ মন্তব্য কৰে।

WhatsApp Image 2025-11-12 at 6.29.29 PM

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১০ নৱেম্বৰ ২০২৫ৰ সন্ধিয়া দিল্লীত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। এই বোমা বিস্ফোৰণত ১০গৰাকীকৈ লোক নিহত হৈছিল। আহত ২৫গৰাকীৰো অধিক লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আৰু তেওঁলোক হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।

নৰেন্দ্ৰ মোডী