/asomiyapratidin/media/media_files/2025/05/10/8vrupqMqaI6zyBGu137e.png)
ডিজিটেল ডেস্কঃ ‘অপাৰেচন সিন্দুৰ তথা দেশৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পৰ্যন্ত দেশবাসীক সম্বোধন কৰা নাই। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সামাজিক মাধ্যমতো দৃষ্টি নিবদ্ধ ৰাখিছিল দেশবাসীয়ে।
অনুগামীসকলে তেওঁৰ টুইটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল যদিও ভাৰতে বুধবাৰে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মন্তব্য ৰখাৰ পৰা বিৰত আছিল প্ৰধানমন্ত্ৰী মোডী।
সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকাৰ সময়তে শুকুৰবাৰে নিজ এক্স হেণ্ডেলত এটা, দুটা নহয় তিনিটাকৈ টুইট কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰথমটো আনুষ্ঠানিক বক্তব্যত তেওঁ এক্স হেণ্ডেলযোগে ৰবাৰ্ট ফ্ৰান্সিছ প্ৰেভষ্টক নিউ পোপ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনায়।
I convey sincere felicitations and best wishes from the people of India to His Holiness Pope Leo XIV. His leadership of the Catholic Church comes at a moment of profound significance in advancing the ideals of peace, harmony, solidarity and service. India remains committed to…
— Narendra Modi (@narendramodi) May 9, 2025
তেওঁ এক্সত লিখিছে, "মই ভাৰতৰ জনসাধাৰণৰ হৈ পৰম পবিত্ৰ পোপ চতুৰ্দশ লিঅ'লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। কেথলিক গীৰ্জাৰ নেতৃত্বই শান্তি, সম্প্ৰীতি, সংহতি আৰু সেৱাৰ আদৰ্শক আগুৱাই নিয়ক। আমাৰ মূল্যবোধক আগুৱাই নিবলৈ পবিত্ৰ সতীৰ্থৰ সৈতে আলোচনা আৰু সংযোগ অব্যাহত ৰখাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
প্ৰথম পোষ্ট দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰীৰ টুইটত সঁহাৰিৰ জনাই জনসাধাৰণে। কমেণ্ট ছেকচনত মানুহে তেওঁক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দেশৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে।
ইফালে প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয়টো পোষ্টত তেওঁ মহান মেৱাৰ যোদ্ধা মহাৰাণা প্ৰতাপক শ্ৰদ্ধাঞ্জলি জনায়। ভাৰতৰ অমৰ যোদ্ধা গৰাকীক তেওঁ শত শত নমন কৰে। হিন্দীত লিখা তেওঁৰ পোষ্টটোৰ অনুবাদ আছিল এনেধৰণৰ, মাতৃভূমিৰ আত্মসন্মান ৰক্ষাৰ বাবে তেওঁ যি সাহস প্ৰদৰ্শন কৰিছিল সেয়া আজিও আমাৰ বীৰসকলৰ বাবে পথ প্ৰদৰ্শক। ভাৰত মাতৃৰ প্ৰতি উৎসৰ্গিত তেওঁৰ বীৰ জীৱনে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।
देश के अमर सेनानी महाराणा प्रताप को उनकी जयंती पर कोटि-कोटि नमन। मातृभूमि के स्वाभिमान की रक्षा के लिए उन्होंने जिस साहस और शौर्य का परिचय दिया था, वह आज भी हमारे वीर-वीरांगनाओं के लिए पथ-प्रदर्शक बना है। मां भारती को समर्पित उनका पराक्रमी जीवन देशवासियों को सदैव प्रेरित करता…
— Narendra Modi (@narendramodi) May 9, 2025
তেওঁৰ তৃতীয়টো পোষ্টত কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ জয়ন্তীত শ্ৰদ্ধাঞ্জলি। ভাৰতৰ সাহিত্যিক আৰু সাংস্কৃতিক আত্মাক গঢ় দিয়াৰ বাবে তেওঁক মৰমেৰে স্মৰণ কৰিছো। তেওঁৰ ৰচনাসমূহে মানৱতাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু একে সময়তে জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ মনোভাৱ জগাই তুলিছিল।”
Tributes to Gurudev Rabindranath Tagore on his Jayanti. He is fondly remembered for shaping India’s literary and cultural soul. His works emphasised on humanism and at the same time ignited the spirit of nationalism among the people. His efforts towards education and learning,…
— Narendra Modi (@narendramodi) May 9, 2025
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত দেশবাসীক সম্বোধন নকৰে যদিও তেওঁ নিৰন্তৰ সকলো উন্নয়নৰ ওপৰত নজৰ ৰাখি আহিছে। তেওঁ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।