সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণৰ উপৰিও অসম, মিজোৰাম, মণিপুৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব উন্নয়নমূলক প্ৰকল্প

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ উত্তৰ পূৰ্বাঞ্চললৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমৰ উপৰিও তেওঁ ভ্ৰমণ কৰিব মিজোৰাম আৰু ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ।

author-image
Asomiya Pratidin
New Update
সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণৰ উপৰিও অসম, মিজোৰাম, মণিপুৰত উদ্বোধন কৰিব উন্নয়নমূলক প্ৰকল্প

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ উত্তৰ পূৰ্বাঞ্চললৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমৰ উপৰিও তেওঁ ভ্ৰমণ কৰিব মিজোৰাম আৰু ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ।

আটাইকেইখন ৰাজ্যতে উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধনৰ উপৰিও অসমত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি তেওঁ প্ৰথমে মিজোৰাম, তাৰ পাছত মণিপুৰ ভ্ৰমণ কৰি ১৩ ছেপ্তেম্বৰ, শনিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হ’ব। নিশা তেওঁ গুৱাহাটীতে কটাব।

প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী, বিধায়ক তথা শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰি ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে সকলো অনুষ্ঠান নিখুঁতভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। 

নুমলীগড়ত প্রধানমন্ত্রী মোডীক আদৰাৰ বাবে পূর্ণ প্রস্তুতি চলিছে। মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী, বিধায়কে নুমলীগড়ত বাহৰ পাতি সকলো দিশ চোৱাচিতা কৰি আছে। অনুষ্ঠান সফল কৰি তোলাৰ বাবে জনসাধাৰণৰ অংশগ্রহণ নিশ্চিত কৰাৰ লগতে সকলোকে যাৱতীয় কামকাজ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছে। 

উল্লেখযোগ্য নৰেন্দ্ৰ মোজীয়ে কাইলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া ৫-১৫ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ এহেজাৰৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ ১৪টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ’ব।

তাৰ পিছত দেওঁবাৰে তেওঁ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী ৩৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্রী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছশ নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। 

খুমটাইৰ বিধায়ক মৃণাল শইুকীয়াৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। 

তেওঁ লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।

১৩ ছেপ্তেম্বৰ শনিবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে পুৱা ১০ বজাত মিজোৰামলৈ যাব। মিজোৰামত তেওঁ বৈৰবি–ছাইৰাং ৰে’লপথ উদ্বোধন কৰিব। এই ৰে’ল প্ৰকল্পৰ জৰিয়তে মিজোৰামক প্ৰথমবাৰৰ বাবে ৰে’ল মানচিত্ৰৰ সৈচে সংযোগ কৰাই নহয় দিল্লীৰ সৈতে ৰে’ল যোগাযোগ সম্ভৱ কৰি তুলিছে।

৮ হাজাৰ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এই ৫১ কিলোমিটাৰ লাইনে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আইজলক ৰাষ্ট্ৰীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। প্ৰত্যাহ্বানমূলক ভূখণ্ডত ১৪৩খন দলং আৰু ৪৫টা সুৰংগ নিৰ্মাণ কৰি এই ৰেলপথ নিৰ্মাণ কৰা হৈছে। 

এই ৰেল পথ মুকলি কৰাৰ উপৰিও তেওঁ ছাইৰাঙৰ পৰা দিল্লী (ৰাজধানী এক্সপ্ৰেছ), কলকাতা (মিজোৰাম এক্সপ্ৰেছ) আৰু গুৱাহাটী (আইজল ইন্টাৰচিটি)লৈ তিনিখন নতুন ৰেলৰো ফ্লেগ অফ কৰিব। এই প্ৰকল্পসমূহৰ উপৰিও তেওঁ আইজল বাইপাছ, থেনজাল–চিয়ালছুক, আৰু খানকাউন–ৰংগুৰা পথকে ধৰি একাধিক পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । PM-DevINE আঁচনিৰ অধীনত 

মিজোৰামৰ পৰা তেওঁ চিধাই যাত্ৰা কৰিব মণিপুৰলৈ। ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰৰ চুৰাচান্দপুৰ আৰু ইম্ফললৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। দুবছৰ পূৰ্বে সংঘটিত হোৱা গোষ্ঠীগত হিংসাৰ পিছত মণিপুৰলৈ এয়া তেওঁৰ প্ৰথম ভ্ৰমণ। চুৰাচান্দপুৰ (চিচিপুৰ) ত, তেওঁ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত লোকসকলক সাক্ষাৎ কৰিব।

তাৰ পৰা তেওঁ ইম্ফললৈ যাত্ৰা কৰিব। ইম্ফলত তেওঁ কাংলা দুৰ্গত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

মণিপুৰৰ মুখ্য সচিবগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে প্ৰধানমন্ত্ৰীয়ে  কিছু স্থানান্তৰিত পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিব।দিনৰ প্ৰায় ২.৩০ বজাত তেওঁ কাংলাত উপস্থিত হ'ব।প্ৰধানমন্ত্ৰীৰ মণিপুৰৰ ভ্ৰমণৰ পূৰ্বে ইম্ফলৰ বিভিন্ন প্ৰান্তত বিলব'ৰ্ড, বেনাৰ আৰু আদৰণি গেট স্থাপন কৰা হৈছে। 

ইম্ফল বিমানবন্দৰৰ পৰা কাংলা দুৰ্গলৈ যোৱা পথত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ কাষত ২০ ফুট দৈৰ্ঘ্যৰ আদৰণি তোৰণ স্থাপন কৰা হৈছে। বিমানবন্দৰৰ পৰা কাংলা দুৰ্গলৈ সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা কাঠৰ বেৰিকেডৰ দ্বাৰা সুৰক্ষিত কৰা হৈছে। 

নৰেন্দ্ৰ মোডী ড০ ভূপেন হাজৰিকা মিজোৰাম মণিপুৰ