নতুন দিল্লীত ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে...

সন্মিলনত জাপান, কানাডা, ব্রিটেইন, বাছিয়া, আয়াৰলেণ্ড, অস্ট্রিয়া আদিকে ধৰি বিশ্বৰ ডেৰশখনতকৈও অধিক দেশৰ ৭ হাজাৰতকৈও অধিক প্রতিনিধি আৰু ৪০০তকৈও অধিক প্রদর্শনীত ভাগ ল'বলগীয়া লোকে অংশ ল'ব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বুধবাৰে নতুন দিল্লীত এছিয়াৰ প্রধান দূৰসংযোগ আৰু প্রযুক্তি অনুষ্ঠান ইণ্ডিয়া মোবাইল সন্মিলন ২০২৫ উদ্বোধন কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। চাৰিদিনীয়া এই সন্মিলনখন নতুন দিল্লীৰ যশোভূমিত অহা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব।

পৰিৱৰ্তনৰ বাবে উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনত দূৰসংযোগ আৰু ডিজিটেল প্রযুক্তি খণ্ডত আত্মনির্ভৰশীলতা গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱা হৈছে।

 সন্মিলনত 6G পৰিস্থিতি তন্ত্র, চাইবাৰ নিৰাপত্তা, উপগ্রহীয় যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা, দূৰসংযোগ আদি দিশসমূহত আলোকপাত কৰা হ'ব। এই সন্মিলনত ডেৰ লাখ লোকৰ উপস্থিতি আশা কৰা হৈছে। উক্ত সন্মিলনত হ'বলগীয়া এশতকৈও অধিক সত্রত ৮০০ গৰাকীতকৈও অধিক বক্তাই ভাষণ দিব।

সন্মিলনত জাপান, কানাডা, ব্রিটেইন, বাছিয়া, আয়াৰলেণ্ড, অস্ট্রিয়া আদিকে ধৰি বিশ্বৰ ডেৰশখনতকৈও অধিক দেশৰ ৭ হাজাৰতকৈও অধিক প্রতিনিধি আৰু ৪০০তকৈও অধিক প্রদর্শনীত ভাগ ল'বলগীয়া লোকে অংশ ল'ব। 

নৰেন্দ্ৰ মোডী