প্ৰযুক্তি-উদ্ভাৱন ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ইলন মাস্কৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ড’নাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৱাশ্বিংটন ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে অন্যান্য শীৰ্ষ নেতৃত্বকো সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনা কৰিছিল।

author-image
Asomiya Pratidin
New Update
 নমমনন

ডিজিটেল ডেস্কঃ   টেছলাৰ মুৰব্বী তথা স্পেছএক্সৰ চিইঅ' ইলন মাস্কৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুয়োগৰাকীয়ে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে।

Advertisment

ইলন মাস্কৰ সৈতে হোৱা বাৰ্তালাপ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য প্ৰদান কৰিছে। উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৱাশ্বিংটন ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোডী।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে অন্যান্য শীৰ্ষ নেতৃত্বকো সাক্ষাৎ কৰি বিভিন্ন বিষয়ত আলোচনা কৰিছিল। এই সময়ছোৱাত ইলন মাস্ককো সাক্ষাত কৰিছিল মোডীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত লিখিছে যে, ইলন মাস্কৰ সৈতে কথা-বতৰা পাতিলোঁ। এই সময়ছোৱাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হ'লো। আলোচনাত চলিত বৰ্ষৰ আৰম্ভণিতে ৱাশ্বিংটন ডি চি ভ্ৰমণৰ সময়ত আমি আলোচনা কৰা বিষয়সমূহো স্পৰ্শ কৰা হৈছিল। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত থকা বিশাল সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আমি সহযোগিতাৰ বিষয়ে আলোচনা কৰিলো। এই ক্ষেত্ৰত আমেৰিকাৰ সৈতে সহযোগিতা আৰু অংশীদাৰিত্ব বৃদ্ধিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

উল্লেখ্য যে, শেহতীয়াকৈ ট্ৰাম্পৰ শুল্ক বোমাই সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল। ২৬% শুল্ক আৰোপেৰে ট্ৰাম্পৰ শুল্ক নীতিৰ আওতালৈ আহিছিল বন্ধু দেশ ভাৰত। এই শুল্ক যুদ্ধৰ মাজতে ভাৰত-আমেৰিকাই প্রযুক্তি বিষয়ক সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনাত মিলিত হোৱাতো এক সেউজ সংকেত।

ইলন মাস্ক