/asomiyapratidin/media/media_files/2025/10/27/ap-web-1-1-2025-10-27-19-27-26.jpg)
ডিজিটেল ডেস্কঃ ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ঘূৰ্ণীবতাহ মন্থাই। মঙলবাৰে পুৱাৰ ভিতৰত মন্থা ধুমুহালৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱা ফলত বৰষুণ আৰু বানপানীৰ সম্ভাৱনা থকা অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী নাইডুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি ঘূৰ্ণীবতাহৰ পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰে। লগতে এই বিপদৰ সময়ছোৱাত সমৰ্থনৰ আশ্বাস দিয়ে প্ৰকধানমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পিছতে ৰাজ্যখনৰ কেন্দ্ৰীয় মন্ত্ৰী নৰা লোকেশক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি পৰামৰ্শ ল'বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী নাইডুৱে।
তাৰোপৰি, মুখ্যমন্ত্ৰী নাইডুৱে ঘূৰ্ণীবতাহ মন্থা সম্পৰ্কে প্ৰতি ঘণ্টাত বাতৰি প্ৰকাশ কৰিবলৈ আৰু বাস্তৱ সময়ৰ আপডেট জাৰি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে যাতে প্ৰতিটো তথ্য পলম নোহোৱাকৈ জনসাধাৰণে লাভ কৰে।
লক্ষ্যণীয় যে, ঘূৰ্ণীবতাহ মন্থাৰ ফলত কৃষকৰ পৰা আৰম্ভ কৰি মাছমৰীয়ালৈকে চিন্তিত হৈ পৰিছে। এই ঘূৰ্ণীবতাহে ক’ত প্ৰৱেশ কৰিব তাক লৈও সাধাৰণ মানুহৰ মনত উৎকণ্ঠা আৰু ভয়ে বিৰাজ কৰিছে।
বতৰ বিজ্ঞান বিভাগে জনাইছে যে ,বংগোপসাগৰত মন্থা অতি তীব্ৰতৰ হৈ উঠিছে। অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাড়ু আৰু পশ্চিমবঙ্গত ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে। এই ৰাজ্যসমূহত বিদ্যালয়-শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে ।
উপকূলীয় এলেকাসমূহৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। লগতে মাছ মৰা নৌকা আৰু জাহাজসমূহক ২৯ অক্টোবৰলৈকে সাগৰত নাযাবলৈ নিৰ্দেশ দিয়া হৈছে। ওড়িশাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী সুৰেশ পূজাৰীয়ে এই সন্দৰ্ভত কয় যে, আগতীয়া দুৰ্যোগৰ প্ৰভাৱ ১৫খন জিলাত পৰিব।
ইয়াৰে আঠখন জিলাত অতি প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ সম্ভাৱনা আছে। অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত প্ৰচণ্ড বৰষুণ আৰু ঘূৰ্ণীবতাহৰ মাহৰ সম্ভাৱ্য প্ৰভাৱৰ বাবে সাজু কৰা হৈছে। এই ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে IMD-এ।
IMD ৰ পূৰ্বাভাস অনুসৰি, প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে:
ৰায়ালাসীমা, তামিলনাডু, কেৰালা আৰু মাহে: ২৭–২৮ অক্টোবৰ
উপকূলীয় কৰ্ণাটক: ২৬–২৮ অক্টোবৰ
উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু য়ানাম: ২৬–৩০ অক্টোবৰ
তেলেংগানা আৰু ওড়িশা: ২৭–৩০ অক্টোবৰ
ছত্তীশগড়: ২৭–৩০ অক্টোবৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us