ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি

দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ আজি জন্মজয়ন্তী। ১৮৮৪চনৰ আজিৰ দিনটোতে জন্মলাভ কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদে। প্ৰসাদৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

author-image
Asomiya Pratidin
New Update
391

ডিজিটেল ডেস্ক : দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ আজি জন্ম জয়ন্তী। ১৮৮৪চনৰ আজিৰ দিনটোতে জন্মলাভ কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদে। প্ৰসাদৰ জন্ম জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। 

আজিৰ এই দিনটোত ৰাজেন্দ্ৰ প্ৰসাদৰ আদৰ্শ- সততা আদি গুণ সুঁৱৰিছে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ তথা বিষয়ববীয়াসকলে । একে সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। 

সামাজিক মাধ্যমযোগে অভিমত ব্যক্ত কৰি মোডীয়ে লিখিছে- "ড° ৰাজেন্দ্ৰ প্ৰসাদ জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ পৰা, সংবিধান সভাত সভাপতিত্ব কৰাৰ উপৰি প্ৰথম ৰাষ্ট্ৰপতি হোৱালৈকে তেওঁ অতুলনীয় মৰ্যাদা আৰু নিষ্ঠাসহ স্পষ্ট দৃষ্টিভংগীৰে আমাৰ জাতিৰ সেৱা আগবঢ়াইছিল। 

ৰাজহুৱা জীৱনত তেওঁৰ সৰলতা, সাহস আৰু জাতীয় ঐক্যৰ প্ৰতি থকা নিষ্ঠাৰ চানেকি আজিও বিৰাজমান। তেওঁৰ আদৰ্শ, সেৱা আৰু দৃষ্টিভংগীয়ে প্ৰজন্মৰ পৰা প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।"

narendra modi