/asomiyapratidin/media/media_files/2025/12/08/whatsapp-image-2025-12-08-16-35-17.jpeg)
ডিজিটেল ডেস্কঃ সোমবাৰে সংসদত প্ৰধানমন্ত্ৰীক উভতি ধৰিলে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। বিজেপিয়ে বাৰে বাৰে নেহৰুৰ প্ৰসংগ টানি অনাত অতিষ্ঠ হৈ গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। সংসদত বন্দে মাতৰমৰ আলোচনাক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিয়ে যিমানেই চেষ্টা নকৰক কিয় পণ্ডিত জৱাহৰলাল নেহৰুৰ অৱদানক কলংকিত কৰিব নোৱাৰে।
উল্লেখযোগ্য যে, সোমবাৰে লোকসভাত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে, পণ্ডিত জৱাহৰলাল নেহৰু কংগ্ৰেছৰ সভাপতি হৈ থকাৰ সময়ত মুছলিম লীগৰ হেঁচাত বন্দে মাতৰম ছিন্ন-ভিন্ন হৈ পৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে, স্বাধীনতা সংগ্ৰামত বিজেপিৰ ৰাজনৈতিক পূৰ্বপুৰুষৰ কোনো অৱদান নাছিল। কংগ্ৰেছে প্ৰথমে বন্দে মাতৰম ধ্বনি দিছিল বুলিও দাবী কৰে সাংসদগৰাকীয়ে।
সাংসদগৰাকীয়ে লগতে কয় যে, ইয়াৰ পূৰ্বে সদনত " অপাৰেচন সিন্দুৰ " সন্দৰ্ভত আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪ বাৰ নেহৰুৰ নাম আৰু ৫০ বাৰ কংগ্ৰেছ দলৰ নাম উল্লেখ কৰিছিল। সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে যেতিয়া আলোচনা হৈছিল তেতিয়া নেহৰুৰ নাম ১০ বাৰ আৰু কংগ্ৰেছৰ নাম ২৬ বাৰ উল্লেখ কৰা হৈছিল। তেওঁ যিমান চেষ্টা কৰক, কিন্তু তেওঁলোকৰ অৱদানক এবাৰো কলংকিত কৰিব নোৱাৰিব।" সদনৰ মজিয়াত প্ৰধানমন্ত্ৰীক উদ্দেশ্যি গৌৰৱ গগৈয়ে কৰা মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us