আজি উত্তৰ-পূবলৈ প্ৰধানমন্ত্ৰীঃ পুৱাই মিজোৰাম, মণিপুৰলৈ যোৱাৰ পাছত বিয়লিলৈ পাবহি গুৱাহাটী...

দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমৰ উপৰিও তেওঁ ভ্ৰমণ কৰিব মিজোৰাম আৰু ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ। আটাইকেইখন ৰাজ্যতে উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা

author-image
Asomiya Pratidin
New Update
9e2a24f1-3300-496b-897c-95f8c56d0c3a

ডিজিটেল ডেস্কঃদুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ পূৰ্বাঞ্চললৈ আহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমৰ উপৰিও তেওঁ ভ্ৰমণ কৰিব মিজোৰাম আৰু ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ। আটাইকেইখন ৰাজ্যতে উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধনৰ উপৰিও অসমত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ প্ৰথমে মিজোৰাম, তাৰ পাছত মণিপুৰ ভ্ৰমণ কৰি ১৩ ছেপ্তেম্বৰ, শনিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হ’ব। নিশা তেওঁ গুৱাহাটীতে কটাব।

নুমলীগড়ত প্রধানমন্ত্রী মোডীক আদৰাৰ বাবে পূর্ণ প্রস্তুতি চলিছে। মন্ত্ৰী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী, বিধায়কে নুমলীগড়ত বাহৰ পাতি সকলো দিশ চোৱাচিতা কৰি আছে। অনুষ্ঠান সফল কৰি তোলাৰ বাবে জনসাধাৰণৰ অংশগ্রহণ নিশ্চিত কৰাৰ লগতে সকলোকে যাৱতীয় কামকাজ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাইছে। 

নৰেন্দ্ৰ মোডীয়ে আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্ধিয়া ৫-১৫ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ এহেজাৰৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ ১৪টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ’ব।

তাৰ পিছত দেওঁবাৰে তেওঁ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী ৩৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্রী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছশ নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। 

তেওঁ লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। শনিবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে পুৱা ১০ বজাত মিজোৰামলৈ যাব। মিজোৰামত তেওঁ বৈৰবি–ছাইৰাং ৰে’লপথ উদ্বোধন কৰিব। এই ৰে’ল প্ৰকল্পৰ জৰিয়তে মিজোৰামক প্ৰথমবাৰৰ বাবে ৰে’ল মানচিত্ৰৰ সৈচে সংযোগ কৰাই নহয় দিল্লীৰ সৈতে ৰে’ল যোগাযোগ সম্ভৱ কৰি তুলিছে।

মিজোৰামৰ পৰা তেওঁ চিধাই যাত্ৰা কৰিব মণিপুৰলৈ। ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰৰ চুৰাচান্দপুৰ আৰু ইম্ফললৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। দুবছৰ পূৰ্বে সংঘটিত হোৱা গোষ্ঠীগত হিংসাৰ পিছত মণিপুৰলৈ এয়া তেওঁৰ প্ৰথম ভ্ৰমণ। চুৰাচান্দপুৰ (চিচিপুৰ) ত, তেওঁ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু হিংসাৰ দ্বাৰা প্ৰভাৱিত লোকসকলক সাক্ষাৎ কৰিব।

নৰেন্দ্ৰ মোডী