/asomiyapratidin/media/media_files/2025/12/15/1-2025-12-15-12-43-58.jpg)
ডিজিটেল ডেস্কঃ অসমৰ সংবাদ ক্ষেত্ৰলৈ গভীৰ শোক কঢ়িয়াই অনা প্ৰবীণ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক শোকবাৰ্তাৰ জৰিয়তে সাংবাদিকতা, শিক্ষা আৰু সাংস্কৃতিক জগতলৈ প্ৰয়াত বৰুৱাৰ অৱদানৰ কথা স্মৰণ কৰে। তেওঁ সামাজিক মাধ্যমত লিখে যে-
"দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ সম্পাদক তথা পৰিচালন সঞ্চালক শ্ৰী পি জি বৰুৱা দেৱৰ বিয়োগত মৰ্মাহত হৈছো। সংবাদ মাধ্যমৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। অসমৰ প্ৰগতিক আগুৱাই নিয়াৰ লগতে ৰাজ্যৰ সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ প্ৰতিও তেওঁ উৎসাহী আছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ঔম শান্তি।"
উল্লেখযোগ্য যে, সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাংবাদিক বৰুৱাক ২০১৮ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। ৯৪ বছৰ বয়সত দেওবাৰে তেওঁ গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us