/asomiyapratidin/media/media_files/2026/02/09/new-ap-2026-02-09-14-18-07.jpeg)
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কুৱালা-লামপুৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে উষ্ম আদৰণি জনায়।এই ভ্ৰমণকালত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে দেওবাৰে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনাই দ্বিপাক্ষিক সম্পৰ্ক আৰু ভ্ৰমণৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-image-2-2026-02-09-14-16-39.jpeg)
২০২৪ চনত ভাৰত আৰু মালয়েছিয়াৰ মাজত স্থাপিত হোৱা ‘বিস্তৃত কৌশলগত অংশীদাৰিত্ব’ৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উচ্চস্তৰীয় ভ্ৰমণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱাৰ পাছতে পেৰডানা পুত্ৰাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে বৈঠকৰ সময়ত আনোৱাৰ ইব্ৰাহিমে মন্তব্য প্ৰকাশ কৰি কয় যে- প্ৰধানমন্ত্ৰী মোডীক আদৰণি, আমি অতি ভাল সম্পৰ্ক স্থাপন কৰিছোঁ । কিছুমান উদ্বেগজনক বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। যিবোৰ আমাৰ দলসমূহে সমাধান কৰাটো প্ৰয়োজন বুলি বিশ্বাস কৰোঁ । সকলো খণ্ডতে অধিক সহযোগিতাৰ বাবে আগ্ৰহী আৰু এই ভ্ৰমণ মোৰ বাবে ব্যক্তিগতভাৱেও অতি গুৰুত্বপূৰ্ণ।
/asomiyapratidin/media/post_attachments/public/news/national/9ypw/article70603516.ece/alternates/LANDSCAPE_1200/PM%20Modi-824589.jpg)
উল্লেখযোগ্য যে, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে যৌথ প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে- মালয়েছিয়াত ভাৰতীয় সম্প্ৰদায়ক লগ পোৱাৰ সুযোগ পাইছিলোঁ। মোৰ বন্ধু আনোৱাৰ ইব্ৰাহিমে তেওঁৰ উপস্থিতিৰে অনুষ্ঠানটোৰ শোভা বৰ্ধন কৰিছিল। মালয়েছিয়াত ভাৰতীয় শ্ৰমিকৰ সুৰক্ষাৰ বাবে সামাজিক সুৰক্ষা চুক্তি আৰু বিনামূলীয়া ই-ভিছাৰ লগতে মালয়েছিয়াত পৰ্যটনৰ বাবে ইউ পি আই ডিজিটেল ইণ্টাৰফেচ – এই সকলোবোৰ ব্যৱস্থাই দুয়োখন দেশৰ নাগৰিকৰ জীৱন সহজ কৰি তুলিব। লগতে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ ইতিহাস, সভ্যতা আৰু সংস্কৃতিৰ দ্বাৰা গঢ় লৈ উঠা গভীৰ সম্পৰ্ক আছে। যিটো মালয়েছিয়াৰ ভাৰতীয় মূলৰ প্ৰায় ২৯ লাখ জনসংখ্যা বিশ্বৰ তৃতীয় বৃহত্তম ভাৰতীয় প্ৰব্ৰজনকাৰীয়ে অধিক শক্তিশালী কৰি তুলিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us