/asomiyapratidin/media/media_files/2026/02/25/vdfdfdf-2026-02-25-12-44-16.jpg)
ডিজিটেল ডেস্কঃ আজি ইজৰাইললৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিমন্ত্ৰণ মৰ্মে ইজৰাইল লৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰীয়ে। যাত্ৰাৰ পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে উল্লেখ যে, ভাৰত আৰু ইজৰাইলৰ মাজত শক্তিশালী আৰু বহুমাত্ৰিক কৌশলগত অংশীদাৰিত্ব আছে, যিয়ে শেহতীয়া বছৰসমূহত লক্ষণীয় বিস্তাৰ আৰু গতি লাভ কৰিছে।
তেওঁ আশা ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে হ’বলগীয়া বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, কৃষি, বিজ্ঞান-প্ৰযুক্তি, উদ্ভাৱন, জল ব্যৱস্থাপনা আৰু বাণিজ্য আদি ক্ষেত্ৰত সহযোগিতা অধিক সুদৃঢ় হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, এই ভ্ৰমণে ভাৰত-ইজৰাইল কৌশলগত সম্পৰ্কক নতুন দিশ প্ৰদান কৰিব।
এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ সংসদক সম্বোধন কৰাৰ সন্মান লাভ কৰিব। তেওঁ এই সংসদ সম্বোধন কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস সৃষ্টি কৰিব। এই কাৰ্যসূচীক দুয়োখন দেশৰ দৃঢ় গণতান্ত্ৰিক সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ইজৰাইলস্থিত ভাৰতীয় সকলৰ সৈতেও সাক্ষাৎ কৰিব। তেওঁ কয় যে, ভাৰতীয় প্ৰৱাসীসকলে দীৰ্ঘদিন ধৰি ভাৰত-ইজৰাইল বন্ধুত্ব সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক অধিক মজবুত কৰিব আৰু কৌশলগত অংশীদাৰিত্বৰ বাবে নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব বুলি বিশ্বাস প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us