/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2026-01-17-22-23-57.jpeg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ চল্লিশ বছৰৰ বিৰতিৰ অন্তত প্ৰধানমন্ত্ৰী সভাৰ বাবে কলিয়াবৰৰ মৌচন্দা পথাৰত সাজু হৈ উঠিছে সুবিশাল মণ্ডপ। উল্লেখ্য যে, কাইলৈ কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া ৮৫.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ শিলান্যাস অনুষ্ঠান অনুষ্ঠিত হ'ব কলিয়াবৰৰ মৌচন্দা পথাৰত। ঠায়ে ঠায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি আৰু ঠায়ে ঠায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি নিৰ্মাণ কৰা হ'ব এই এলিভেটেড কৰিডৰটো।
নগাঁও জিলাৰ কলিয়াবৰৰ ৰাঙলুৰ পৰা নিৰ্মাণ হ'বলগীয়া এলিভেটেড কৰিডৰটো গোলাঘাট জিলাৰ পানবাৰীৰ সমীপত অন্ত পৰিব। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বমুঠ খৰছৰ পৰিমান ধাৰ্য্য কৰা হৈছে ৬,৯৫৭ কোটি টকা।
ইফালে, শিলান্যাস অনুষ্ঠানৰ লগতে বিশাল জনসভাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা। সেয়েহে সাজু হৈ উঠিছে কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল সভাগৃহ।
কলিয়াবৰ বিধান পৰিষদৰ সভাপতি, কলিয়াবৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি তিলক নাথে কয় – ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলিয়াবৰলৈ পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰ লৈ আহিব। আমি কলিয়াবৰবাসী ৰাইজে যথেষ্ট ভাগ্যৱান বুলি ভাবিছোঁ। তেখেতৰ দিনত অসমত যিমানখিনি উন্নয়ন হৈছে, এনে উন্নয়ন ভৱিষ্যতেও হ'ব বুলি আশা ৰাখিছোঁ।
আনহাতে, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ উৎফুল্লিত কলিয়াবৰৰ যুৱতী নমিতা চৌহানে কয় – বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰ লৈ আহিছে। আমাৰ ঠাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে, আমি সৌভাগ্যৱান। আদৰিবলৈ উৎসুক হৈ আছোঁ। এছিয়া মহাদেশৰ অন্যতম দীঘল কাজিৰঙা এলিভেটেড কৰিড'ৰৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণী কৰিব। যিহেতু, বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ ক্ষয়-ক্ষতি হয়, সেয়া নোহোৱা হ'ব। যাতায়তৰ সময় কমিব। বিশেষকৈ ভাল লাগিছে, পূৰ্বতে কলিয়াবৰত এনেধৰণৰ বিশাল সমাগমৰ আয়োজন হোৱা নাই। এয়া সম্ভৱ হৈছে মিত্ৰজোঁটৰ চৰকাৰখনৰ কাৰণে। এই চৰকাৰখনৰ বাবেই কলিয়াবৰ তথা অসমৰ যথেষ্ট উন্নয়ন হৈছে। অসমৰ উন্নয়নমূলক কাৰ্যৰ নতুন বাৰ্তা প্ৰধানমন্ত্ৰীৰ এই আগমনে দিব বুলি আশা কৰিছোঁ।
উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষাৰ বাবে এই এলিভেটেড্ কৰিড'ৰ অত্যন্ত
গুৰুত্বপূৰ্ণ। লগতে দূৰণীবটীয়া যাতায়তৰ সময়ত লগা সময়ো এই কৰিড'ৰে হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীৰ এই উপহাৰ প্ৰদানৰ বাবে কাইলৈ অহা ১৮ তাৰিখৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ মধ্য অসমৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ যথেষ্ট উৎফুল্লিত হৈ আছে।
ইতিমধ্যে কাইলৈৰ কলিয়াবৰ ভ্ৰমণ আৰু কাজিৰঙা উৰণ সেতু, কলিয়াবৰ তিনিআলি-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ লগতে দুখন নতুন ৰে'লৰ ফ্লেগঅফৰ বিষয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৮ জানুৱাৰীত অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়বহুল কাজিৰঙা উৰণীয়া সংৰক্ষিত বনাঞ্চল পথ প্ৰকল্পৰ ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেনযুক্ত পথ) ভূমি পূজন সম্পন্ন কৰিব।
একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ-অফ্ কৰিব:
১। গুৱাহাটী (কামাখ্যা) – ৰ'হটক অমৃত ভাৰত এক্সপ্ৰেছ।
২। ডিব্ৰুগড় – লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ।
এই প্ৰকল্পসমূহে অসমৰ অৰ্থনৈতিক উন্নয়ন, পৰ্যটন আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ইপিনে আজি সন্ধিয়া কলিয়াবৰৰ কেন্দ্ৰীয় পালনাম থানত দহ প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সাফল্য কামনাৰে দহ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us