/asomiyapratidin/media/media_files/2025/09/13/whatsapp-image-2025-09-13-18-55-32.jpeg)
- খানাপাৰত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে।
- সুধাকন্ঠৰ গীত গাই ১১০০ শিল্পীয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
- অনুষ্ঠানত উপস্থিত আছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।
- মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপালো উপস্থিত আছে অনুষ্ঠানত।
- Sep 13, 2025 19:23 IST
প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে সুধাকন্ঠৰ প্ৰতিচ্ছবি সম্বলিত মুদ্ৰা
খানাপাৰাত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষিকীৰ অনুষ্ঠানত অংশ লৈ সুধাকন্ঠৰ প্ৰতিচ্ছবি সম্বলিত ১০০ টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। অনুষ্ঠানত উপস্থিত থকা সুধাকন্ঠৰ পুত্ৰ তেজ হাজৰিকাকো সম্বোধন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- Sep 13, 2025 19:14 IST
ভূপেন হাজৰিকা অমৰ ৰহেঃ প্ৰধানমন্ত্ৰী মোডী
ভূপেন হাজৰিকা অমৰ ৰহে ধ্বনিৰে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অনুষ্ঠানত অংশ লৈ সুধাকন্ঠৰ নিজকে ধন্য বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। লগতে সুধাকন্ঠ ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থৰো উন্মোচন কৰে। আজিৰ এই অনুষ্ঠানত গীত পৰিৱেশন কৰা প্ৰতিগৰাকী শিল্পীকে শুভেচ্ছা জ্ঞাপন কৰে শ্ৰী মোডীয়ে।