ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোচা লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ…

ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোচা লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোচা লোৱাৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ সোমবাৰে প্ৰধানমন্ত্ৰীয়ে ললে কোৰোনা ভেকচিন। দিল্লীৰ এইমছত কোৰোনা ভেকচিন গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে ভেকচিন গ্ৰহণৰ বাবে আহ্বান জনায়। ডিঙিত অসমৰ গামোছা লৈ এইমছত ভেকচিন লোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Advertisment

অসমৰ গামোছা ডিঙিত লৈ ভেকচিন গ্ৰহণ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত লিখিছে- A wonderful sight of PM Shri Narendra Modi ji once again leading from the front in the crucial global fight against COVID-19. Proud to witness the Assamese Gamosa adorning the PM in this historic moment.

ইফালে প্ৰধানমন্ত্ৰীয়ে ভেকচিন লৈ থকা ফটোখন শ্বেয়াৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে- সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছ্‌ত প্ৰতিষেধক লোৱাৰ সময়ত ডিঙিত গামোচা পৰিধান কৰি থকা দেখি মন আনন্দেৰে ভৰি পৰিছে৷ অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক গামোচাখনৰ প্ৰতি তেখেতৰ স্নেহ তথা সন্মান কিমান ইয়েই প্ৰতিফলিত কৰিছে ৷ আমি আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ।