বাৰাণসীৰ পৰা ৪খন নতুন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে

পথ আৰু ৰে'ল সুবিধাৰ উন্নয়নে বিকাশৰ সূচনা কৰে। ভাৰত সম্প্রতি উন্নয়নৰ পথত ক্ষীপ্ৰতাৰে ধাৱমান হৈছে। উত্তৰ প্ৰদেশৰ উন্নয়নে পর্যটনৰ নতুন নতুন সুযোগ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ   শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসী ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৪ খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয় যে, বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলগাড়ীসমূহে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্রজন্মৰ ভেটি স্থাপন কৰিছে। প্রতিগৰাকী ভাৰতীয় বন্দে ভাৰত ৰেলগাড়ীক লৈ গৌৰৱান্বিত বুলি শ্রী মোডীয়ে মন্তব্য কৰে।

তেওঁ কয় যে এই ৰেলগাড়ী ভাৰতীয়ৰ বাবে, ভাৰতীয়ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। ৪ খন নতুন বন্দে ভাৰত এক্সপ্রেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰে দেশত চলি থকা এনে ৰেলগাড়ীৰ সংখ্যাই ১৬০ অতিক্রম কৰিলে। বিশ্বৰ উন্নত দেশসমূহত আন্তঃগাঁথনিৰ উন্নয়নে তেওঁলোকৰ অর্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি প্রধানমন্ত্রী মোডীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয়, পথ আৰু ৰে'ল সুবিধাৰ উন্নয়নে বিকাশৰ সূচনা কৰে। ভাৰত সম্প্রতি উন্নয়নৰ পথত ক্ষীপ্ৰতাৰে ধাৱমান হৈছে। উত্তৰ প্ৰদেশৰ উন্নয়নে পর্যটনৰ নতুন নতুন সুযোগ সৃষ্টি কৰিছে। বাব বিশ্বনাথ ধাম আৰু আযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ পাছৰে পৰা মন্দিব দৰ্শনৰ বাবে অহা ভক্তৰ বর্ধিত সংখ্যাৰ বাবে উত্তৰ প্ৰদেশত সমৃদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে। 

লগতে প্ৰধানমন্ত্ৰীয়ে কয়, সম্প্রতি কাশীতো আন্তঃগাঁথনিৰ উন্নয়নৰ কাম ক্ষীপ্ৰতাৰে চলি আছে। নতুন হোটেল আৰু চিকিৎসালয়ৰ নির্মাণে ৰাজ্যখনৰ সমৃদ্ধিৰ শ্রীবৃদ্ধি কৰিছে। মহামানা কর্কতৰোগ চিকিৎসালয় আৰু শংকৰ নেত্রালয় লেখীয়া চিকিৎসালয়সমূহ ৰোগীসকলৰ বাবে আর্শীবাদস্বৰূপ পৰিছে । 

নৰেন্দ্ৰ মোডী