অৰুণাচলৰ শোকাৱহ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ...

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাবহ দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ জৰিয়তে শোক প্ৰকাশ কৰি লিখে যে, "অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাটোত প্ৰাণহানিৰ ঘটনাই অত্যন্ত ব্যথিত কৰিছে। যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক PMNRF-ৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ আনজাও জিলাত বিগত ৭ ডিচেম্বৰত সংঘটিত হোৱা এক কৰুণ পথ দুৰ্ঘটনাত অসমৰ ২১ জন শ্ৰমিকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। নিৰ্মাণ কাৰ্যত কাম কৰিবলৈ অসমৰ তিনিচুকীয়া জিলাৰ খেলা পুখুৰী চাহ বাগানৰ পৰা এখন ট্ৰাকত মুঠ ২২ জন শ্ৰমিকক আনজাও জিলাৰ চাগলাগাম এলেকালৈ লৈ যোৱা হৈছিল।

১০ ডিচেম্বৰৰ দিনাও শ্ৰমিককেইজন চাগলাগাম গৈ নোপোৱাত তাত থকা সহযোগী শ্ৰমিকে বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। কাকতালীয় ভাবে ১০ ডিচেম্বৰৰ দিনাই সেই দূৰ্ঘটনাত আঘাত নোপোৱাকৈ বাচি যোৱা এজন শ্ৰমিকে চাগলাগাম পথত থকা ব'ৰ্ডাৰ ৰোড অৰ্গানাইজেছনৰ শিবিৰত উপস্থিত হয়হি। তাৰ পাছতহে দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ কথা পোহৰলৈ আহে।

আনজাও জিলাৰ আৰক্ষীয়ে জনোৱা অনুসৰি, বি আৰ অ', সেনাবাহিনী আৰু এন ডি আৰ এফৰ দলে বাহনখনত থকা শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই আছে আৰু মুঠ ১৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে।

অৰুণাচল প্ৰদেশ