এছচিঅ’ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ, ৬ বছৰৰ পাছত জিনপিঙৰে বৈঠক মোদীৰ

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান ভ্ৰমণ সম্পূৰ্ণ কৰি চীন অভিমুখে ৰাওনা হৈছে। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া চাংহাই ক’অপাৰেচন অৰ্গেনাইজেচন (SCO)-ৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই

author-image
Asomiya Pratidin
New Update
new ap web 1 (11)

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপান ভ্ৰমণ সম্পূৰ্ণ কৰি চীন অভিমুখে ৰাওনা হৈছে। ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া চাংহাই ক’অপাৰেচন অৰ্গেনাইজেচন (SCO)-ৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ভ্ৰমণকালত ৬ বছৰৰ পাছত জিনপিঙক সাক্ষাৎ কৰিব মোদীয়ে। দেওবাৰে পুৱা ৯,৩০ বজাত মোদীৰ সৈতে বৈঠকত মিলিত হ'ব জিনপিং।

উল্লেখযোগ্য যে, ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পিছত ভাৰৎ-চীন সম্পৰ্ক তিক্ত হৈ পৰিছিল। এই পৰিপ্ৰেক্ষিততে মোদীৰ এই চীন যাত্ৰাক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ধৰা হৈছে। দিল্লীত শীৰ্ষ বৈঠকৰ পূৰ্বে চীনৰ কূটনীতিজ্ঞ ৱাং ই-এ মোদীৰ সৈতে সাক্ষাৎ কৰি এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল।

ইফালে, তিয়ঞ্জিনত অনুষ্ঠিত হ’বলগীয়া SCO বৈঠকত বহুপক্ষীয় সুৰক্ষা, আঞ্চলিক সংযোগ, চাপ্লাই চেইন স্থিৰতা আৰু বাণিজ্য বিনিয়োগৰ বিষয়সমূহ আলোচনা কৰা হব। চীনৰ বাবে ই এক কূটনৈতিক শক্তি প্ৰদৰ্শনৰ মঞ্চ, আৰু ভাৰতে ইয়াত “সন্তুলিত” ভূমিকা লৈ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা কৰিব।

এই ভ্ৰমণৰ পূৰ্বে মোদীয়ে মন্তব্য কৰিছে যে, দুই বৃহৎ অৰ্থনীতিৰূপে ভাৰত আৰু চীনৰ মাজত পৰস্পৰ সন্মান আৰু সংবেদনশীলতা ধৰি সহযোগিতা আগবঢ়োৱা প্ৰয়োজনীয়। তেওঁ বিশ্ব অৰ্থনীতিৰ স্থিৰতাৰ ক্ষেত্ৰতো ভাৰত-চীন সম্পৰ্কক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে।

উল্লেখযোগ্য যে, ভাৰতৰ বাবে SCO বৈঠক কেৱল আঞ্চলিক সুৰক্ষা নহয়, ই দুই দেশৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কৰ বাবেও সমান গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক বঢ়োৱাৰ পিছত চৰকাৰে এছিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক অধিক গাঢ় কৰিবলৈ চেষ্টা কৰি আছে। আনহাতে, আমেৰিকাৰ শেহতীয়া কূটনৈতিক নীতিৰ ফলত ভাৰত প্ৰায় অকলশৰীয়া হব বুলি একাংশই ধাৰণা কৰিছিল যদিও মোদীৰ শেহতীয়া জাপান আৰু চীন ভ্ৰমণে বিশেষ তাৎপৰ্য বহন হৈছে। ইফালে, চীনৰ সমৰ্থন পালে ভাৰত ৰাষ্ট্ৰসংঘৰ স্থায়ী নিৰাপত্তা পৰিষদৰ সদস্য হোৱাৰ পথো প্ৰশস্ত হোৱাৰো সম্ভাৱনা আছে।

মোদীৰ এই চীন ভ্ৰমণে ভাৰত-চীন সম্পর্কৰ এক নতুন অধ্যায় সূচনা কৰিব পাৰে। যদিও সীমান্ত সমস্যা আৰু বিশ্ব ৰাজনীতিত মতানৈক্য বহুত, কিন্তু দুয়ো দেশৰ শীৰ্ষ নেতৃত্বৰ বৈঠকে স্থিৰতা, সংযোগ আৰু বিশ্বমঞ্চত ভাৰতৰ অধিক শক্তিশালী ভুমিকাৰ পথ প্ৰসস্ত কৰিব বুলি আশা কৰা হৈছে।

ভাৰত চীন সংঘাত চীন নৰেন্দ্ৰ মোদী