মই ভগৱান শিৱৰ ভক্ত, সকলো বিষ পান কৰোঃ প্ৰধানমন্ত্ৰী মোডী

কংগ্ৰেছে আমাৰ সেনাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলৰ বাবে সহানুভূতি প্ৰদৰ্শন কৰি আহিছে। পাকিস্তানৰ মিছা কথা কংগ্ৰেছৰ এজেণ্ডা হৈ পৰিছে। সেয়ে ৰাইজক কংগ্ৰেছৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই শ্ৰী মোডীয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-14 at 4.30.41 PM

ডিজিটেল ডেস্কঃ  উত্তৰ-পূব অভিযানত নামিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমত তেওঁ ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগ উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ দৰঙত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, তেওঁ ভগৱান শিৱৰ ভক্ত আৰু শত্ৰুৱে দিয়া সকলো বিষ গিলি পেলাও। দৰাচলতে কংগ্ৰেছক লক্ষ্য কৰি লৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। 

তেওঁ কয় যে, কংগ্ৰেছে আমাৰ সেনাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদক সমৰ্থন কৰা সকলৰ বাবে সহানুভূতি প্ৰদৰ্শন কৰি আহিছে। পাকিস্তানৰ মিছা কথা কংগ্ৰেছৰ এজেণ্ডা হৈ পৰিছে। সেয়ে ৰাইজক কংগ্ৰেছৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় শ্ৰী মোডীয়ে। 

ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল, তেতিয়া সন্ত্ৰাসবাদৰ বাবে সমগ্ৰ দেশ ৰক্তক্ষৰণ হৈছিল আৰু কংগ্ৰেছ মনে মনে আছিল। আজি আমাৰ সেনাই ‘অপাৰেচন সিন্দুৰ’ চলাই আছে, পাকিস্তানৰ চুক-কোণৰ ​​পৰা সন্ত্ৰাসবাদ উভালি পেলাবলৈ সক্ষম হৈছে, কিন্তু কংগ্ৰেছ দলে আমাৰ সেনাৰ সলনি সন্ত্ৰাসবাদীক লালন-পালন কৰা সকলক সমৰ্থন জনাইছে।

শ্ৰী মোডীয়ে আৰু কয়, কংগ্ৰেছৰ বাবে তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থ আটাইতকৈ ডাঙৰ। কংগ্ৰেছে কেতিয়াও দেশৰ স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। আজি কংগ্ৰেছ হৈ পৰিছে জাতীয় বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক। কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীসকলে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰক আৰু ভাৰতৰ ভৱিষ্যত অনুপ্ৰৱেশকাৰীয়ে নিৰ্ধাৰণ কৰক।'

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘কংগ্ৰেছে অসমত দশক দশক শাসন কৰিছিল, তথাপিও তেওঁলোকে ৬০-৬৫ বছৰত ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল। ইয়াৰ বিপৰীতে যেতিয়া আপোনালোকে আমাক সুযোগ দিলে, আমি মাত্ৰ এটা দশকতে ছখন নতুন দলং নিৰ্মাণ কৰিলো। আমাৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা আৰু আমাক সহায় আগবঢ়োৱাটো স্বাভাৱিক। মাত্ৰ ৯ দিনৰ ভিতৰত নৱৰাত্ৰিৰ প্ৰথম দিনটোত জি এছ টিৰ হাৰ যথেষ্ট হ্ৰাস পাব, যাৰ ফলত দেশৰ জনসাধাৰণ লাভৱান হ’ব।

ইফালে বিৰোধীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰীৰ মাতৃক অপমান কৰা কথা উল্লেখ কৰি তেওঁ কয়, ‘মোক যিমানেই গালি-গালাজ নকৰক কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ পান কৰো। কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰো। 

আপোনালোকে কওঁক, ভূপেন দাক ভাৰত ৰত্নৰে সন্মান জনোৱা মোৰ সিদ্ধান্ত শুদ্ধ নে ভুল? সুধাকন্ঠক ভাৰতৰত্নৰে সন্মান জনোৱা সন্দৰ্ভত কংগ্ৰেছ কৈছিল যে বিজেপিয়ে গায়ক-নৃত্যশিল্পীক ভাৰতৰত্ন দিছে। অসমৰ এনে মহান সন্তান গৰাকীকো অপমান  কৰিছিল কংগ্ৰেছে।

তাৰোপৰি তেওঁ অপাৰেচন সিন্দুৰৰ কথাও ভাষণত উল্লেখ কৰে। তেওঁ কয়,  অপাৰেচন সিন্দুৰৰ পিছত এয়া মোৰ প্ৰথম অসম ভ্ৰমণ। মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেচন সিন্দুৰে বিপুল সফলতা লাভ কৰে। সেয়ে আজি মা কামাখ্যাৰ ভূমিলৈ আহি এক বেলেগ পবিত্ৰ অভিজ্ঞতা লাভ কৰিছো। আজি ইয়াত জন্মাষ্টমী উদযাপন কৰা হৈছে। আপোনালোক সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।'

নৰেন্দ্ৰ মোডী