এখন ফটোৰ বাবেই মোডীক বৰকৈ বেয়া পালে ট্ৰাম্পে!

হঠাতে কেনেকৈ ইমান অৱনতি ঘটিল আমেৰিকা-ভাৰতৰ সম্পৰ্ক। এসময়ত পৰম মিত্ৰ বুলি দাবী কৰা ভাৰতৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাঁপি দি আমেৰিকাই যেন বুজাই দিছিল এতিয়া আমি

author-image
Asomiya Pratidin
New Update
761157d2-5381-4160-8048-f28834ad964a

ডিজিটেল ডেস্কঃ হঠাতে কেনেকৈ ইমান অৱনতি ঘটিল আমেৰিকা-ভাৰতৰ সম্পৰ্ক। এসময়ত পৰম মিত্ৰ বুলি দাবী কৰা ভাৰতৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাঁপি দি আমেৰিকাই যেন বুজাই দিছিল এতিয়া আমি বন্ধু নহয়। কূটনৈতিকবিদসকলেও কৈছিল এনেদৰে কৰৰ বোজা জাঁপি দিয়া কোনো মানুহ বন্ধু হোৱাৰ যোগ্য নহয়। কিন্তু কি কাৰণত হঠাতে ইমান এক মিঠা সম্পৰ্কৰ অৱনতি ঘটিছিল।

শেহতীয়াকৈ জাৰ্মানৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত সম্পৰ্কৰ অৱনতিৰ কাৰণ। যদিও যোৱা ১৭জুনত শেষবাৰৰ বাবে ট্ৰাম্প-মোডীয়ে ফোনত কথা পাতিছিল, দৰাচলতে বহুদিনৰে পৰাই ট্ৰাম্পে এক বিশেষ কথাৰ বাবে মোডীক ফোন কৰি আহিছিল।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জানি-বুজিয়েই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক গুৰুত্ব দিয়া নাছিল বুলি প্ৰকাশ পাইছে উক্ত কাকতখনত। ইয়াৰো আছে কাৰণ। পাকিস্তান-ভাৰতৰ যুদ্ধবিৰতিৰ ক্ৰেডিট ল'বলৈ বিচাৰি ফুৰা ট্ৰাম্পে বাৰে বাৰে মোডীক ফোন কৰি আমেৰিকালৈ মাতি আছিল। 

ট্ৰাম্পে মোডীক সেই সময়ত আমেৰিকালৈ মাতিছিল যি সময়ত, পাকিস্তানৰ সেনা প্ৰধান গৰাকী আছিল আমেৰিকাত। দুয়োগৰাকীক একেলগে বহুৱাই ফটোচেছন কৰাৰ পৰিকল্পনা কৰিছিল ট্ৰাম্পে। কিন্তু ট্ৰাম্পৰ সেই আশাত চেঁচাপানী ঢালিছিল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে।

কিন্তু কি কাৰণত সেই ফটোখন উঠাব বিচাৰিছিল ট্ৰাম্প! তাৰ আঁৰতো আছে অন্য কাৰণ। এই কাৰণৰ কথা আগতেই গম পাইছিল মোডীয়ে। সেয়েহে বাৰে বাৰে ট্ৰাম্পৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ লগতে ফোনত দিয়া নাছিল যোগাত্মক সহাঁৰি।

অপাৰেশ্যন সিন্দূৰৰ বহুদিনৰ আগৰ পৰাই ট্ৰাম্পে মনত এটা আশা পুঁহি ৰাখিছিল। নোবেল বটাঁৰ প্ৰতি ট্ৰাম্পৰ আছে বিশেষ দুৰ্বলতা। সেই কথা ভাল সময়ত মোডীক কৈছিল ট্ৰাম্পে। নোবেল বটাঁৰ বাবে মনোনীত কৰিবলৈ ভাৰতৰ পৰা সমৰ্থন বিচাৰিছিল ট্ৰাম্পে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নাছিল।

ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ ক্ৰেডিট লোৱাৰ লগতে তাৰ প্ৰমাণ হিচাপে এখন ফটো তুলি বিশ্বত চৰ্চিত হোৱাৰ লগতে নোবেল বটাঁৰ বাবে মনোনীত হোৱাৰ পথত এখোজ আগুৱাব বিচাৰিছিল ট্ৰাম্পে। কিন্তু ভাৰতে এই সকলো পথ ৰূদ্ধ কৰি দিছিল। 

উচিত সঁহাৰি নাপাই ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে নানান সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ল'লে। জাৰ্মান বাতৰি কাকতখনে প্ৰকাশ কৰিছে যে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ লগতে এই কাৰণসমূহেও ট্ৰাম্পৰ মন-মগজুত যথেষ্ট ক্ৰীয়া কৰিছিল। 

ডোনাল্ড ট্ৰাম্প