অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয় দিন! কি কি কাৰ্যসূচীত ল'ব অংশ....

অসমত আজি প্ৰধানমন্ত্ৰীৰ দ্বিতীয় দিন। আজিৰ দিনটোতো বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে কইনাধৰাৰ পৰা পাণবজাৰলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
oooo

ডিজিটেল ডেস্কঃ অসমত আজি প্ৰধানমন্ত্ৰীৰ দ্বিতীয় দিন। আজিৰ দিনটোতো বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে কইনাধৰাৰ পৰা পাণবজাৰলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী।

গেটৱে অৱ গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে লুইতৰ বুকুত ২৫গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

তাৰ পিছতেই বৰাগাঁৱত উপস্থিত হৈ শ্বহীদ স্মাৰকক্ষেত্ৰত শ্বহীদসকলক জনাব শ্ৰদ্ধাঞ্জলি। তাৰ পিছতে তেওঁ উৰা মাৰিব নামৰূপলৈ। নামৰূপত নতুন ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে বিয়লি ভাগলৈ দিল্লীলৈ উৰা মাৰিব তেওঁ।

নেৰেন্দ্ৰ মোডী