দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰিব নালাগে, এতিয়াও সুস্থিৰ আৰ্থিক স্থিতিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰিব নালাগে, এতিয়াও সুস্থিৰ আৰ্থিক স্থিতিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

author-image
asomiyapratidin
New Update
দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰিব নালাগে, এতিয়াও সুস্থিৰ আৰ্থিক স্থিতিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ কোভিড-১৯ ক লৈ দেশৰ বিভিন্ন ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু লকডাউনৰ বাবে যাৱতীয় ব্যৱস্থাগ্ৰহণৰ সন্দৰ্ভত সোমবাৰে ৯ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিং যোগে অনুষ্ঠিত হয় এখনি আলোচনা চক্ৰ। এই আলোচনাতে প্ৰধানমন্ত্ৰীয়ে ইংগিত প্ৰদান কৰে যে, ৩ মে'ৰ পাছতো দেশত লকডাউন অব্যাহত থাকিব পাৰে। তাৰ বাবে নিজাববীয়াকৈ সকলোৱে নীতি তৈয়াৰ কৰক।'

Advertisment

আলোচনাত ভাগ লোৱা ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত ৫জনে আৰ্থিক স্থিতিক পুনৰ স্বাভাৱিক কৰি তোলাৰ স্বাৰ্থত লকডাউন খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। আনহাতে বাকীকেইজন মুখ্যমন্ত্ৰীয়ে কোৰোনাৰ সংক্ৰমণ যাতে আৰু ভয়াৱহ হ'ব নোৱাৰে তাৰ বাবে লকডাউন বৃদ্ধি কৰা উচিত বুলি মন্তব্য দাঙি ধৰে। মুখ্যমন্ত্ৰীসকলৰ মতামত শুনাৰ পাচত প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ অৰ্থ ব্যৱস্থাক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। দেশৰ আৰ্থিক স্থিতি এতিয়াও সুস্থিৰ অৱস্থাতে আছে।' এক সূত্ৰ উধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এনডিটিভিত প্ৰকাশ কৰা হৈছে এই খবৰ।