৩ মে’ৰ পাছতো লকডাউন! প্ৰধানমন্ত্ৰীয়ে দিলে ইংগিত….সবিশেষ পঢ়ক

৩ মে’ৰ পাছতো লকডাউন! প্ৰধানমন্ত্ৰীয়ে দিলে ইংগিত….সবিশেষ পঢ়ক

ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ ৯ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে বিভিন্ন বিষয়ৰ সন্দৰ্ভত বৈঠকত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দিনৰ প্ৰায় ১১.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকত মুখ্যমন্ত্ৰী সকলৰ সৈতে কোভিড-১৯ক লৈ ৰাজ্যসমূহৰ বৰ্তমানৰ পৰিস্থিতি আৰু লকডাউনক লৈ কি কি সিদ্ধান্ত গ্ৰহণ কৰা উচিত তাক লৈ আলোচনা হয়।

কোন কোন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল'লে অংশঃ

এই বৈঠকত ৯ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশ লৈছিল। মহাৰাষ্ট্ৰ, কৰ্ণাটক, পশ্চিম বংগ, হাৰিয়ানা, উত্তৰাখণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, পুডুচেৰী, হিমাচল প্ৰদেশ,ত্ৰিপুৰাৰ লগতে লাডাখৰ ৰাজ্যপালে অংশ লয়। ইফালে, একাধিক বাদানুবাদৰ অন্তত এই বৈঠকত কেৱল প্ৰত্যক্ষদৰ্শী হিচাপে ভাগ লয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে তেওঁ বৈঠকত কথা কোৱাৰ কোনো সুযোগ লাভ নকৰিলে বুলি জনাইছে। এই লৈ মুখ্যমন্ত্ৰীগৰাকী ক্ষুব্ধ হৈ পৰিছে বুলিও বাতৰিত প্ৰকাশ পাইছে। কেৰালাৰ মুখ্যমন্ত্ৰীয়েও এই বৈঠকত অংশ লোৱাৰ কথা আছিল যদিও তেওঁৰ পৰামৰ্শ লিখিত ৰূপত প্ৰধানমন্ত্ৰীক প্ৰদান কৰি বৈঠকৰ পৰা বিৰত থাকে।

৯ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে লকডাউনক লৈ কি চিন্তা কৰিছেঃ

প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত বহা ৯ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা লকডাউনৰ সন্দৰ্ভত বিভিন্ন পৰামৰ্শ বিচাৰে প্ৰধানমন্ত্ৰীয়ে। লগতে লকডাউন যদিহে বৃদ্ধি কৰা হয় কেনেধৰণৰ ব্যৱস্থা তেওঁলোকৰ ৰাজ্যৰ গ্ৰহণ কৰাটো যুক্তিসংগত হ'ব তাক লৈ মত বিচাৰে। প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে লকডাউনৰ সন্দৰ্ভত মত প্ৰদান কৰে। ৯ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ৪ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে লকডাউন বৃদ্ধি কৰা হওক আৰু বাকী ৫ জনে লকডাউন বৃদ্ধি হ'লে কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ কথা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে কি ক'লেঃ

বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয়, লকডাউনৰ ফলত দেশৰ লাভ হৈছে। লকডাউনৰ সন্দৰ্ভত এক নীতি তৈয়াৰ কৰিব লাগিব। সকলো ৰাজ্য চৰকাৰক নিজা নীতি তৈয়াৰ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। এই আলোচনাত ৩ মে'ৰ পিছতো দেশত লকডাউন অব্যাহত থকাৰ ইংগিত প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। অৱশ্যে এই লকডাউন অধিকভাৱে সংক্ৰমিত হোৱা অঞ্চলসমূহতহে কঠোৰভাৱে ৰূপায়ণ কৰিব বুলিও সদৰী কৰে । লকডাউন স্তৰ অনুযায়ী উঠাই দিবলৈ চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও বৈঠকত জনায় মোডীয়ে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰৰ উধৃতি দি এনডিটিভিৰ এটি বাতৰিত কোৱা হৈছে যে আজিৰ বৈঠকৰ অন্তত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক লকডাউন উঠাবলৈ পৰ্যায়ক্ৰমে প্ৰস্তুতি চলাবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ বাবে সংক্ৰমণৰ ওপৰত ভিত্তি কৰি জিলাসমূহক ৰেড, গ্ৰীণ আৰু অৰেঞ্জ আদি জ'নত ভাগ কৰিবলৈকো কৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে বৈঠকত দেশ অৰ্থ ব্যৱস্থাক লৈ চিন্তিত নহবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in