EPFO ৰ মাধ্যমেৰে ৩.৫ কোটি নতুন চাকৰি সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে PM-VBRY আঁচনি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে PM-VBRY ৰ শুভাৰম্ভ কৰে। এই আঁচনিখন কৰ্মচাৰী ভবিষ্য নিধি সংস্থাৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব। 

author-image
Asomiya Pratidin
New Update
EPFO ৰ মাধ্যমেৰে ৩.৫ কোটি নতুন চাকৰি সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে PM-VBRY আঁচনি

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনা (PM-VBRY)ৰ শুভাৰম্ভ কৰে। এই আঁচনি কৰ্মচাৰী ভবিষ্য নিধি সংস্থা (EPFO)ৰ জৰিয়তে কাৰ্যকৰী কৰা হ’ব। 

Advertisment

১ লাখ কোটি টকাৰ ব্যয়ৰে এই দূৰদৰ্শী আঁচনিৰ লক্ষ্য হৈছে ভাৰতৰ সকলো খণ্ডত ৩.৫ কোটিতকৈ অধিক নতুন নিয়োগৰ সৃষ্টি কৰা। PM-VBRY ভাৰতৰ শ্ৰমশক্তি, বিশেষকৈ যুৱক-যুৱতীসকলক সশক্তিকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বিশেষকৈ এই পদক্ষেপে উৎপাদন খণ্ডত নিয়োগ সৃষ্টি, নিয়োগৰ যোগ্যতা আৰু সামাজিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব।

এই আঁচনিৰ লক্ষ্য হৈছে প্ৰতিটো খণ্ডত নিয়োগ সৃষ্টিৰ গতি ত্বৰান্বিত কৰা আৰু অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ ঘটোৱা। যাৰ জৰিয়তে ৩.৫ কোটিতকৈ অধিক নতুন নিয়োগৰ সৃষ্টি কৰা। যুৱক-যুৱতীসকলৰ বাবে PM-VBRYই এক বিশেষ ইনচেনটিভো প্ৰদান কৰিব। 

এই আঁচনিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক নিয়োগ লাভ কৰাসকলে বিনামূলীয়া বিত্তীয় সাক্ষৰতা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ চৰ্তত ১৫,০০০ টকা পৰ্যন্ত ইনচেনটিভ লাভ কৰিব। এই ইনচেনটিভ দুটা কিস্তিত প্ৰদান কৰা হ’ব। এই পদক্ষেপ ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত বিত্তীয় সচেতনতা, সামাজিক স্থিতিশীলতা আৰু নিয়োগৰ বাবে প্ৰস্তুতিৰ প্ৰচেষ্টাৰ এক অংশ।

নিয়োগকৰ্তাসকলো এই আঁচনিৰ জৰিয়তে লাভৱান হ’ব। নতুন কৰ্মচাৰীৰ (প্ৰথমবাৰৰ বাবে নিয়োগ কৰা প্ৰাৰ্থীয়েই হওঁক বা পুনৰ নিয়োগ কৰা প্ৰাৰ্থীয়েই হওঁক) প্ৰতিজন কৰ্মচাৰীৰ বাবে প্ৰতি মাহত ৩,০০০ টকা পৰ্যন্ত লাভ কৰিব। এই ধৰণে উৎপাদন খণ্ডত চাৰি বছৰৰ বাবে আৰু অন্য খণ্ডত দুবছৰৰ বাবে দিয়া হ'ব। 

ইয়াৰ উপৰিও, EPFO-ত পঞ্জীয়নকৃত সকলো প্ৰতিষ্ঠানে এই আঁচনিত অংশগ্ৰহণ কৰিব পাৰিব। এই ইনচেনটিভ প্ৰতি মাহত ১ লাখ টকা পৰ্যন্ত মুঠ মজুৰি অৰ্জন কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।ইয়াৰ বাবে আধাৰ সংযুক্ত বেংক একাউণ্ট আৰু নিয়মিত ইলেক্ট্ৰনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।

আঁচনিখনৰ যোগ্যতাৰ বাবে কৰ্মচাৰীসকলে প্ৰথমবাৰৰ বাবে EPFO-ত পঞ্জীয়ন কৰিব লাগিব আৰু তেওঁলোকৰ মুঠ মাহিলী মজুৰি ১,০০,০০০ টকা পৰ্যন্ত হ’ব লাগিব। নিয়োগকৰ্তাসকলে নিয়মিতভাৱে ইলেক্ট্ৰনিক প্ৰতিষ্ঠানৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ছয় বা বাৰ মাহৰ বাবে চালান-কাম-ৰিটাৰ্ণ (ECR) দাখিল কৰিব লাগিব।

৫০ জনতকৈ কম কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহে নূন্যতম দুজন নতুন কৰ্মচাৰী আৰু ৫০ জনতৈ অধিক কৰ্মচাৰী থকা প্ৰতিষ্ঠানসমূহে নূন্যতম পাঁচজন নতুন কৰ্মচাৰী নিয়োগ কৰিব লাগিব। সকলো পেমেণ্ট প্ৰত্যক্ষভাৱে কৰ্মচাৰীৰ বেংক একাউণ্টত জমা কৰা হ’ব, যাতে সৰ্বাধিক স্বচ্ছতা আৰু দক্ষতা নিশ্চিত হয়।

নৰেন্দ্ৰ মোডী চাকৰি EPFO প্ৰধানমন্ত্ৰী