/asomiyapratidin/media/media_files/2025/11/19/1-2025-11-19-19-39-15.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তামিলনাডুৰ কইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত আজি যোগ্য হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ২১ নং কিস্তিৰ ধন ভাৰ্চুৱেল মাধ্যমৰে আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ প্ৰায় ৩৬,৮২৮ গৰাকী হিতাধিকাৰীৰ একাউণ্টত কৃষকে সন্মান নিধি আঁচনিৰ অধীনত ধনৰাশি লাভ কৰে।
সেই মতে অনুষ্ঠানৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত দিনৰ ১:৩০ বজাৰ পৰা নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্রীয়ভাৱে এখন সভা তথা প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
অনুষ্ঠানত জিলা কৃষি বিষয়া নৰেন শৰ্মা,মহকুমা কৃষি বিষয়া ড° খনিন্দ্ৰ বৰ্মন,কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপাপ্ত মুৰব্বী ড০ অংগনা শৰ্মা আৰু অন্যান্য বিষয়ববীয়াসকলৰ লগতে দুই শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে ।
ইয়াৰ সমান্তৰালকৈ তেজপুৰ মাজগাওঁস্থিত যুটীয়া কৃষি সঞ্চালকৰ কাৰ্য্যালয়ৰ চৌহদত থকা প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লাইভ প্ৰদৰ্শন অনুষ্ঠানত উপস্থিত থাকে মহকুমা কৃষি বিষয়া ড০ জাকিৰ হুছেইন, জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া অজিত পাঠক, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া,আচঁনি বিষয়া ৰঞ্জিতা গোস্বামী,বি টি এম মেঘালী কলিতাৰ লগতে গাভৰু উন্নয়ন খণ্ডৰ শতাধিক কৃষক। তদুপৰি জিলা কৃষি বিভাগৰ উদ্যোগত বৰচলা, ঢেকিয়াজুলি, বিহগুৰি, বালিপৰা, ৰঙাপৰা,নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহতো সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া,আত্মাৰ বিষয়ববীয়া,কৃষি সম্প্ৰসাৰণ সহায়ক ,কৃষি সখী সকলৰ সহযোগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ২১ নং কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ।
উল্লেখ্য যে দেশৰ ৯ কোটিৰো অধিক যোগ্য হিতাধিকাৰীৰ একাউণ্টলৈ ১৮ হাজাৰ কোটি টকা এই লাইভ প্ৰদৰ্শনৰ অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডি বি টি মাধ্যমৰ দ্বাৰা হস্তান্তৰ কৰে । ইয়াৰে অসমৰ ১৮.১৮ লাখ যোগ্য হিতাধিকাৰীয়ে ২১ নং কিস্তিৰ ধন লাভ কৰাৰ বিপৰীতে শোণিতপুৰ জিলাৰ সৰ্বমূঠ ৩৬,৮২৮ গৰাকী যোগ্য হিতাধীকাৰীয়ে পি এম কিষাণ আঁচনিৰ ধন ধন লাভ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us