/asomiyapratidin/media/media_files/2026/01/30/sumanss-2026-01-30-12-45-06.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২৯জানুৱাৰী, ২০২৬ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত কৰিছিল বিজেপিৰ বৰ্ষীয়ান নেত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে। হঠাতে প্ৰধানমন্ত্ৰীক বিজয়া চক্ৰৱৰ্তীয়ে কৰা সাক্ষাতক লৈ অসম ৰাজনীতিত তীব্ৰ চৰ্চা চলিল। প্ৰায় আধা ঘন্টা ধৰি প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিছিল বিজয়া চক্ৰৱৰ্তী।
প্ৰধানমন্ত্ৰীৰ সৈতে কি কথা আলোচনা কৰিলে বিজয়া চক্ৰৱৰ্তীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ওলাই আহি সকলো কথা মুকলিকৈ নক'লেজ্যেষ্ঠ বিজেপি নেত্ৰীগৰাকীয়ে। তথাপিও তেওঁৰ বক্তব্যত স্পষ্ট হ'ল যে, কন্যা সুমন হৰিপ্ৰিয়াৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰাৰ আৰ্জি লৈয়ে এই সাক্ষাত কৰিছিল প্ৰধানমন্ত্ৰীক।
প্ৰাপ্ত খবৰ অনুসৰি, পলাশবাৰী সমষ্টিৰ পৰা সুমন হৰিপ্ৰিয়াক প্ৰাৰ্থিত্ব প্ৰদানৰ আৰ্জি লৈ প্ৰধানমন্ত্ৰীক সাক্ষাত কৰিছিল বিজয়া চক্ৰৱৰ্তীয়ে। কিয়নো বৰ্তমান হাজো সমষ্টিৰ পৰা বিধায়িকা হৈ থকা সুমন হৰিপ্ৰিয়াৰ এই সমষ্টিটো সমষ্টি পুণঃনিৰ্ধাৰণত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে। যাৰ বাবে ২০২৬ত পলাশবাৰীত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে সুমনে।
কিন্তু ইতিমধ্যেই পলাশবাৰীত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈছে। বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু এগৰাকী যুৱ বিজেপি নেতাৰ মাজত সূত্ৰপাত হোৱা সংঘাতত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছিল। এনে পৰিস্থিতিত সুমন হৰিপ্ৰিয়াই মাতৃৰ জৰিয়তে দিল্লীত আৰ্জি কৰিছে বুলি চৰ্চা হৈছে।
অৱশ্যে বিজয়া চক্ৰৱৰ্তীয়ে কন্যাৰ টিকটৰ কথা আলোচনা নস্যাত কৰি কয় যে, প্ৰধানমন্ত্ৰীয়ে সুমনক জানে আৰু তেওঁ সুমনৰ খবৰ মোক সুধিছিল। ৰাজনৈতিক জীৱন কেনেকুৱা চলিছে তেওঁ মোক সুধিছিল। তেওঁ মোৰ পুৰণি বন্ধু। এগৰাকী প্ৰধানমন্ত্ৰীক সুমনৰ টিকটৰ কথা মই কেনেকৈ কম বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিজয়া চক্ৰৱৰ্তীয়ে।
ইফালে প্ৰধানমন্ত্ৰীক সাক্ষাত কৰি বিজয়া চক্ৰৱৰ্তীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনলৈও যায় আৰু এক আলোচনাত বহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us