’শৰবিদ্ধ আকাশ’ৰ কবি, নাট্যকাৰ ৰফিকুল হোচেইনৰ দেহাৱসান

বোকাখাতৰ কবি-নাট্যকাৰ-পৰিচালক ৰফিকুল হোচেইনৰ শনিবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীৰ জি এম  চি এইচ চিকিৎসালয়ত দেহাৱসান হয়

author-image
Asomiya Pratidin
New Update
72

ডিজিটেল সংবাদ, বোকাখাত : সত্তৰৰ দশকৰ শেষৰ ফালে অসমীয়া প্ৰগতিশীল কবিতাৰ ধাৰাটোত আদৰ্শগতভাৱেই সম্পৃক্ত হৈ নিজা এটা কাব্যধাৰা সৃষ্টিৰে ওৰেতো জীৱন কেৱল নিঃস্ব, নিৰবিচিন্নভাৱে, বঞ্চিত মানুহৰ কথা কৈ যোৱা বোকাখাতৰ কবি-নাট্যকাৰ-পৰিচালক ৰফিকুল হোচেইনৰ শনিবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীৰ জি এম  চি এইচ চিকিৎসালয়ত দেহাৱসান হয়। তেখেতৰ মৃত্যুৰ লগে লগেই শোকস্তব্ধ হৈ পৰে বোকাখাতৰ লগতে সমগ্ৰ অসম।

১ ফেব্ৰুৱাৰী তাৰিখে মৰিগাৱঁৰ এখন হোটেলত তেওঁ  হঠাৎ অসুস্থ হৈ পৰে।  ততাতয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল বিশিষ্ট কবি গৰাকীক। চিকিৎসকৰ মতে উচ্চ ৰক্তচাপজনিত কাৰণত মগজুৰ ৰক্তক্ষৰণ হয় বিশিষ্ট কবি গৰাকীৰ।

দেওবাৰে পুৱাৰ ভাগত বিশিষ্ট কবি, নাট্যকাৰ,পৰিচালক গৰাকীৰ নশ্বৰদেহ জন্মস্থান বোকাখাতৰ নিজা বাসগৃহত আহি পোৱাৰ পোৱাৰ পাছতেই সমগ্ৰ বোকাখাতত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। নিজা বাসগৃহৰ পৰা বোকাখাত নাট্যমন্দিৰ প্ৰাংগনলৈ কৰা এক শোভাযাত্ৰাৰ শেষত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নাট্যমন্দিৰ প্ৰাংগনত সমাবেত হোৱা শতাধিক লোক আৰু দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট কবি নাট্যকাৰ পৰিচালক গৰাকীলৈ।

উল্লেখ্য যে কবি নাট্যকাৰ পৰিচালক গৰাকীলৈ বোকাখাত নাট্যমন্দিৰ প্ৰাংগনত গোলাঘাট জিলা প্ৰশাসন আৰু বোকাখাত মহকুমা প্ৰশাসনৰ উপস্থিতিত ৰাজ্যিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উল্লেখ্য যে শেষ শ্ৰদ্ধাঞ্জলি উপলক্ষে আয়োজিত  সভাত অসমৰ বৌদ্ধিক আৰু সাংস্কৃতিক সমাজৰ হৈ ভাৰতীয় গণ নাট্য সংঘৰ যুটিয়া সম্পাদক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে বিশিষ্ট কবি নাট্যকাৰ পৰিচালক গৰাকীক মৰোনোত্তৰ ভাৱে সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে।

WhatsApp Image 2026-02-08 at 5.42.43 PM

১৯৫৪ চনত বোকাখাতত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট কবি-নাট্যকাৰ-পৰিচালক গৰাকীয়ে। ১৯৮৪ চনত তেখেতৰ প্ৰথমখন কবিতা সংকলন 'শৰবিদ্ধ আকাশ' প্ৰকাশৰ পাছতে অসমীয়া প্ৰগতিশীল কাব্যজগতত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত কবি গৰাকীয়ে। প্ৰতিবাদৰ এক শক্তিশালী ভাষা হৈ উঠিছিল ৰফিকুল হোচেইনৰ 'শৰবিদ্ধ আকাশ'। 'শৰবিদ্ধ আকাশ' সন্দৰ্ভত কবি গৰাকীয়ে কৈছিল- "আকাশ-তলত মানুহ আৰু প্ৰকৃতিৰ স'তে মোৰ যি সীমিত অন্তৰংগতা অথবা বিৰোধ, বিভিন্ন দিনৰ বিভিন্ন মুহূর্তৰ জয় পৰাজয়ৰ যি লেখ; সবাৰোপৰি মোৰ সুখ আৰু বিষাদ, যন্ত্রণা আৰু আক্ষেপৰ এক মিশ্রিত আবেগ অনুভৱ জড়িত হৈ আছে এই কবিতাবোৰত।" 

পৰৱৰ্তী সময়ত অৰ্থাৎ ২০০৯ চনত তেখেতৰ দ্বিতীয়খন কাব্য সংকলন 'বিষাদ বসন্ত' প্ৰকাশ হয়। ২০১৮ চনত প্ৰকাশ হ‌য় তৃতীয়খন কাব্য সংকলন 'চাকিৰ চাংঘৰ'। চতুৰ্থখন কাব্য সংকলন 'গোপনৰ অন্তেষপুৰ' প্ৰকাশ হয় ২০২২ চনত আৰু ২০২৫ চনত কবি নীলাভ সৌৰভে সংকলিত কৰি উলিয়ায় কবিগৰাকীৰ 'ৰফিকুল হোচেইনৰ কবিতা সমগ্ৰ' শীৰ্ষক কবিতা সংকলনখনি।

কেৱল কবিতায়েই নহয় এগৰাকী নাট্যকাৰ পৰিচালক হিচাপেও অসমীয়া মঞ্চনাট আৰু নাট্যসাহিত্যলৈ এক বিশেষ বৰঙণি আগবঢ়াই যায় প্ৰয়াত কবি-নাট্যকাৰ-পৰিচালক গৰাকীয়ে। কবি গৰাকীয়ে কবিতা, নাট্যচিন্তাৰ মাধ্যমেৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাঠক-সমালোচক, নাট্যকৰ্মীসকলৰ লগত নিৰহংকাৰ ভাৱে কটাইছিল এক অন্তৰংগ অথচ যাযাবৰী জীৱন। ১৯৮১-৮২ চনত ‘আজন্ম’ নাটকৰে নাট্যসৃষ্টিৰ পথত খোজ দিয়া ৰফিকুল হোছেইনে ১৯৯৫ চনত প্ৰকাশিত তেওঁৰ নাট্য সংকলন ‘ধোঁৱা-দৈৱকী-জলাশয়’ ৰ যোগেদি অসমীয়া নাট্যসাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই যায়।

ইয়াৰ উপৰিও "জলপ্ৰপাত"(২০০০), "সপোনৰ বৃন্দাবন" (২০০২), "অৰণ্যত উৰ্মিলা"(২০০৪), আৰু "ৰাতিৰ আকাশ"(২০০৭) শীৰ্ষক পূৰ্ণাংগ নাটক আৰু আঠখন একাংক নাটেৰে তেখেতে নাট্য-সাহিত্যক সমৃদ্ধ কৰিছে। ২০১৫ চনত তেখেতে নিজৰ নাট্য জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত লিখা থিয়েটাৰী গল্প সংকলন ‘এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য’ গ্ৰন্থই প্ৰকাশ লাভ কৰে। 

উল্লেখযোগ্য যে তেখেতৰ প্ৰথমখন কাব্য সংকলন 'শৰবিদ্ধ আকাশ’ৰ বাবে ১৯৯৬ চনত ‘কল অৱ দ্য ব্ৰহ্মপুত্ৰ’ই প্ৰদান কৰা ‘কাব্য হৃদয় বঁটা’, পৰৱৰ্তী সময়ত তেখেতৰ প্ৰথম পূৰ্ণাংগ নাট্য সংকলন ‘ধোঁৱা-দৈৱকী-জলাশয়’ৰ বাবে ১৯৯৬ চনত অসম সাহিত্য সভাৰ ‘তিলক চন্দ্ৰ শৰ্মা সোঁৱৰণী নাট্য বঁটা’ আৰু ২০১৮ চনত বিশিষ্ট কবি প্ৰতিভা ‘শৈলধৰ ৰাজখোৱা বঁটা’, ২০১৭ চনত ‘ক্ৰান্তিকাল সাহিত্য সন্মান’, ২০১৭ চনত অসম নাট্য সন্মিলনৰ ‘সৈনিক-শিল্পী ব্ৰজনাথ শৰ্মা বঁটা’, ২০০৯ চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ‘অমূল্য কাকতি স্মাৰক বঁটা’,২০২০ বৰ্ষত দুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ ‘পথাৰ প্ৰদীপ্ত বঁটা’ আৰু অসম নাট্য পৰিষদৰ ‘আলি হাইদৰ নাট্যকাৰ বঁটা’ আৰু শেহতীয়াকৈ লালিলাং দ‍্যা থিয়েটাৰ ৰিডম, মৰিগাঁৱে প্ৰথমবাৰৰ বাবে প্ৰণয়ন কৰা শিল্পী নিপুন ডেকা সোঁৱৰণী 'লালিলাং বঁটা -২০২৫' ৰে তেখেতক সন্মানিত কৰা হয়।

WhatsApp Image 2026-02-08 at 5.42.45 PM

উল্লেখ্য যে কবি-নাট্যকাৰ গৰাকীয়ে বিগত বৰ্ষৰ বোকাখাত গ্ৰন্থমেলা উপলক্ষে মঞ্চস্থ কৰা প্ৰয়াত ভবেন্দ্ৰ নাথ শইকীয়া ৰচিত ‘তদন্ত’ নাটখনিয়েই আছিল তেখেতে জন্মস্থান বোকাখাতত কৰা অন্তিম পৰিচালনা আনহাতে  চলিত বৰ্ষৰ ১২ জানুৱাৰীত বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত একাদশ বৰ্ণম মৃণালী শৰ্মা ৰাষ্ট্ৰীয় নাট সমাৰোহত  তেখেতৰ জীৱনৰ শেষ নাট পৰিচালনাও আছিল ‘তদন্ত’ নাটখনিয়েই।

বোকাখাত