/asomiyapratidin/media/media_files/2025/09/12/317-2025-09-12-17-50-45.jpg)
ডিজিটেল সংবাদ, মায়ং : গুৱাহাটীৰ এটা বে-চৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন হ'ল "ডিপাছা "। সমগ্ৰ অসমতে এক অযুত গছপুলি ৰোপন কৰি পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষিত কৰি ৰখাৰ এক মহান উদ্দেশ্য আগত ৰাখি ২০১৭ চনত গঠন কৰা হৈছিল এই সংগঠনটো।
শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি 'ডিপাছা'ৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বিভিন্ন প্ৰজাতিৰ শতাধিক গছ পুলি ৰোপন কৰে। 'ডিপাছা' অধ্যক্ষ তথা বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা প্ৰসন্ন হাজৰিকাৰ নেতৃত্বত কৰ্মকৰ্তাসকলে গছপুলিসমূহ ৰোপন কৰে।
হাজৰিকাই জানিবলৈ দিয়া মতে সমগ্ৰ অসমতে ডিপাছাই ৮৬ টা প্ৰজাতিৰ এক অযুত ফল -মূল আৰু বিভিন্ন ঔষধি জাতীয় গছৰ পুলি ৰোপন কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে । ইতিমধ্যে গুৱাহাটীৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত তিনি হাজাৰ গছপুলি ৰোপনৰ কাম শেষ হৈছে।
ধুবুৰীৰ পৰা এই অভিযান আৰম্ভ কৰি নগাঁও জিলাত প্ৰবেশ কৰিছে যদিও আগন্তুক দিনত উজনি অসমৰ বিভিন্ন ঠাইত এই কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। আজি গছ পুলি ৰোপন কাৰ্যসূচীত উপস্থিত থাকে ঝাৰগাঁও বিদ্যুৎ উপ সংমণ্ডল বিষয়া সঞ্জয় চেত্ৰী, ধ্ৰুৱ শৰ্মা কাকতি, মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়া, সাংবাদিক নজৰুল ইছলাম আৰু ডিপাছাৰ কৰ্মকৰ্তাসকল।